ETV Bharat / bharat

জম্মু-কাশ্মীৰ আৰক্ষীৰ জালত হাইব্ৰিড সন্ত্ৰাসবাদী: অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

author img

By

Published : Oct 7, 2022, 4:22 PM IST

Shopian police arrested hybrid militant
জম্মু কাশ্মীৰত গ্ৰেপ্তাৰ হাইব্ৰিড সন্ত্ৰাসবাদী

নিৰাপত্তাৰক্ষীৰ দলে হেফখুৰী মালদাৰা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে হাইব্ৰিড সন্ত্ৰাসবাদীটোক । সন্ত্ৰাসবাদীটোৰ পৰা আৰক্ষীয়ে সজীৱ গুলীসহ এটা পিষ্টল আৰু ৯ মিমি কেলিবাৰৰ ১২ টা সক্ৰিয় কাৰ্টিজ উদ্ধাৰ কৰে(Arms And Ammunition Recovered) ৷

নিউজ ডেস্ক, 7 অক্টোবৰ: জম্মু-কাশ্মীৰ আৰক্ষীয়ে বৃহস্পতিবাৰে দক্ষিণ কাশ্মীৰৰ শ্বপিয়ান জিলাত লস্কৰ-ই-তৈবাৰ (এল ই টি) এটা হাইব্ৰিড সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে(Hybrid militant arrested in Kashmir) ৷ জম্মু-কাশ্মীৰ আৰক্ষীয়ে জয়নপোৰা আৰক্ষী থানা অধীনস্থ অঞ্চলত সন্ত্ৰাসবাদীয়ে আশ্ৰয় লোৱাৰ সম্ভেদ লাভ কৰে ৷ শ্বপিয়ান আৰক্ষীয়ে লগে লগে ৪৪ আৰ আৰ আৰু চিআৰপিএফ ১৭৮ বিএনৰ সৈতে আঞ্চলটোত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলে ৷

নিৰাপত্তাৰক্ষী দলটোৱে তহল দিয়াৰ সময়ত হেফখুৰী মালদাৰা অঞ্চলত হাইব্ৰিড সন্ত্ৰাসবাদীটোক আটক কৰে । হাইব্ৰিড উগ্ৰপন্থীটোক হেফ জাইনপোৰাৰ নিবাসী আলী মহম্মদ পাদ্দাৰৰ পুত্ৰ য়াৱাৰ আহমেদ পাদ্দাৰ বুলি চিনাক্ত কৰা হৈছে ৷ য়াৱাৰ আহমেদ পাদ্দাৰে সন্দেহজনক অৱস্থাত ঘূৰি ফুৰা অৱস্থাত নিৰাপত্তাৰক্ষী দলটোৱে আটক কৰে ৷

আৰক্ষীয়ে প্ৰাথমিক সময়ত য়াৱাৰ আহমেদ পাদ্দাৰৰ পৰা সজীৱ গুলিসহ এটা পিষ্টল আৰু ৯ মিমি কেলিবাৰৰ ১২ টা সক্ৰিয় কাৰ্টিজ উদ্ধাৰ কৰে (Arms And Ammunition Recovered from hybrid militant) ।

হাইব্ৰিড সন্ত্ৰাসবাদীটো এলইটিৰ সৈতে জড়িত থকাৰ সন্দেহ কৰিছে জম্মু-কাশ্মীৰ আৰক্ষীয়ে (Jammu and Kashmir police nabs LeT hybrid militant) ৷ সম্প্ৰতি আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ 127/2022 ধাৰাৰ অধীনত জয়নপোৰা আৰক্ষী থানাত গোচৰ ৰুজু কৰি হাইব্ৰিড সন্ত্ৰাসবাদীটোক গ্ৰেপ্তাৰ কৰিছে ৷ জম্মু কাশ্মীৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: বেৰেল বিস্ফোৰণৰ ফলত দুজন সেনা জোৱানৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.