ETV Bharat / bharat

Twitter blue tick removed: শ্বাহৰুখ খানৰ পৰা যোগী আদিত্য নাথলৈ- কোনে কোনে হেৰুৱালে টুইটাৰৰ ব্লু টিক ?

author img

By

Published : Apr 21, 2023, 9:00 AM IST

Updated : Apr 21, 2023, 11:41 AM IST

বৃহস্পতিবাৰে টুইটাৰৰ ব্লু টিক হেৰুৱালে ৰাজনীতিদিবৰ পৰা বলিউডৰ তাৰকালৈকে ৷ কিন্তু কিয় ? সবিশেষ জানক এই প্ৰতিবেদন (Twitter blue tick lost) ৷

Twitter blue tick removed
Twitter blue tick removed

নিউজ ডেস্ক, 21 এপ্ৰিল: ইলন মাস্কে টুইটাৰ ক্ৰয় কৰাৰ পাচৰে পৰা টুইটাৰত দেখিবলৈ পোৱা গৈছে ইটোৰ পিচত সিটো বিসংগতি ৷ এইবাৰ নিজৰ টুইটাৰ একাউণ্টৰ পৰা ‘ব্লু টিক’(ভেৰিফাইড একাউণ্ট) হেৰুৱাইছে বলিউডৰ তাৰকাৰ পৰা ৰাজনৈতিক নেতালৈকে (Twitter Starts Removing Blue tick) ৷ বৃহস্পতিবাৰে টুইটাৰে বহু একাউণ্টৰ পৰা আঁতৰালে ‘ব্লু টিক’ ৷ ইয়াৰ ভিতৰত আছে বলিউডৰ তাৰকা শ্বাহৰুখ খান, অমিতাভ বচ্চন, আলিয়া ভাট, ৰাজনৈতিক নেতা যোগী আদিত্য নাথ, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, ক্ৰিকেটাৰ বিৰাট কোহলী, ৰোহিত শৰ্মা ইত্যাদি (Twitter blue tick lost) ৷

কিন্তু হঠাৎ ব্লু টিক কিয় নোহোৱা হৈছে টুইটাৰ একাউণ্টাৰ পৰা ? এই প্ৰশ্ন এতিয়া সকলোৰে মনত ৷ টুইটাৰৰ নতুন নিয়ম অনুসৰি, টুইটাৰত নিজৰ ভেৰিফাইড একাউণ্ট ৰাখিবৰ বাবে ধন পৰিশোধ কৰিব লাগিব ৷ যিসকল লোকে টুইটাৰক ধন পৰিশোধ কৰিব, কেৱল মাত্ৰ তেনে ব্যক্তিয়েহে টুইটাৰৰ ‘ব্লু টিক’ৰ অংশীদাৰ হ’ব ৷ যাৰ বাবে টুইটাৰক এন্ড্ৰইড আৰু আইঅ’এছ ব্যৱহাৰকাৰীয়ে 11 মাহৰ বাবে পৰিশোধ কৰিব লাগিব 11 আমেৰিকান ডলাৰ (Twitter blue tick price) ৷ আনহাতে ৱেবৰ জৰিয়তে টুইটাৰ ব্যৱহাৰ কৰা ব্যৱহাৰকাৰীসকলে 8 মাহৰ বাবে পৰিশোধ কৰিব লাগিব 11 আমেৰিকান ডলাৰ (Why twitter removed blue tick) ৷

স্মৰ্তব্য যে, পূৰ্বেই মাইক্ৰ'ব্লগিং ছাইটটোৱে যদিহে ব্যৱহাৰকাৰীসকলে ‘টুইটাৰ ব্লু বা ব্যৱসায়-কেন্দ্ৰিক টুইটাৰ ভেৰিফাইড অৰ্গেনাইজেচন’ পৰিকল্পনাৰ সদস্যতা গ্ৰহণ নকৰে তেন্তে একাউণ্টবোৰৰ প্ৰমাণীকৃত চেক-মাৰ্ক স্থিতি আঁতৰাই দিয়া হ’ব বুলি ঘোষণা কৰিছিল ৷ পূৰ্বে নীলা টিকটোৱে প্ৰখ্যাত ব্যক্তিসকলক ছদ্মবেশৰ পৰা সুৰক্ষিত কৰা আৰু মিছা তথ্যৰ মোকাবিলা কৰাৰ এক উপায় হিচাবে কাম কৰিছিল (How to get twitter blue tick) ৷

ইয়াৰ আগতে মাৰ্চ মাহত টুইটাৰে তেওঁলোকৰ অফিচিয়েল হেণ্ডেলৰ পৰা প’ষ্ট কৰি জনাইছিল যে, ‘‘1 এপ্ৰিলত, আমি আমাৰ ব্যৱহাৰকাৰীৰ প্ৰমাণীকৃত কাৰ্যসূচী বন্ধ কৰা আৰু ব্যৱহাৰকাৰীৰ প্ৰমাণিত চেকমাৰ্ক আঁতৰোৱাৰ আৰম্ভ কৰিম ৷’’

টুইটাৰত আপোনাৰ নীলা চেকমাৰ্ক ৰাখিবলৈ টুইটাৰ ব্লুৰ বাবে ছাইন আপ কৰিব পাৰে ৷ টুইটাৰে প্ৰথমে 2009 চনত নীলা চেক মাৰ্ক প্ৰণালী প্ৰৱৰ্তন কৰিছিল যাতে ব্যৱহাৰকাৰীসকলক চিনাক্ত কৰাত সহায় কৰে ৷ ইয়াৰ জড়িয়তে চেলিব্ৰিটি, ৰাজনীতিবিদ, কোম্পানী আৰু ব্ৰেণ্ড, বাতৰি প্ৰতিষ্ঠান আৰু অন্যান্য একাউণ্ট (ৰাজহুৱা স্বাৰ্থৰ) আদি নীলা চিহ্নৰ সহায়ত চিনাক্ত কৰা সহজ হৈছিল ৷

লগতে পঢ়ক: Narda gam massacre: বিজেপি নেতাসহ নাৰদাকাণ্ডৰ 67 গৰাকী অভিযুক্ত নিৰ্দোষী ঘোষণা

Last Updated :Apr 21, 2023, 11:41 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.