ETV Bharat / bharat

Narda gam massacre: বিজেপি নেতাসহ নাৰদাকাণ্ডৰ 67 গৰাকী অভিযুক্ত নিৰ্দোষী ঘোষণা

author img

By

Published : Apr 21, 2023, 12:23 AM IST

Updated : Apr 21, 2023, 6:08 AM IST

মনত আছেনে দেশ কঁপোৱা গুজৰাটৰ নাৰদাকাণ্ডৰ কথা ! সুদীৰ্ঘ 21 বছৰৰ মূৰত নাৰদাকাণ্ডৰ লগত জড়িত 67 গৰাকী অভিযুক্তক নিৰ্দোষী সাব্যস্ত কৰে আহমেদাবাদৰ এখন বিশেষ এছ আই টি আদালতে (Naroda gam massacre accused acquitted) ৷

Narda gam massacre
Narda gam massacre

নেশ্যনেল ডেস্ক, 20 এপ্ৰিল: সুদীৰ্ঘ 21 বছৰৰ মূৰত নাৰদাকাণ্ডৰ ৰায়দান (Naroda gam massacre) ৷ গুজৰাটৰ আহমেদাবাদৰ এখন বিশেষ এছ আই টি আদালতে বৃহস্পতিবাৰে নাৰদাকাণ্ডৰ অভিযুক্ত বিজেপিৰ প্ৰাক্তন বিধায়ক মায়া কোদনানি, বজৰং দলৰ প্ৰাক্তন নেতা বাবু বজৰংগী আৰু বিশ্ব হিন্দু পৰিষদৰ নেতা জয়দীপ পেটেলকে ধৰি 67 গৰাকী অভিযুক্তক নিৰ্দোষী সাব্যস্ত কৰে (Naroda gam massacre accused acquitted) ৷

আজি বিয়লি 5.30 বজাত বিশেষ ন্যায়াধীশ শুভদা বক্সি বিচাৰপীঠে এই চূড়ান্ত ৰায়দান প্ৰদান কৰে (principal sessions Judge SK Baxi ) ৷ এই ৰায়দানৰ পিচতে অভিযুক্তৰ আত্মীয়সকলে "জয় শ্ৰী ৰাম" আৰু "ভাৰত মাতা কী জয়" শ্লোগানেৰে আদালতৰ বাহিৰত আদৰণি জনায় ৷

উল্লেখ্য যে, গুজৰাটৰ 9 টা ডাঙৰ সংঘৰ্ষৰ ভিতৰত নাৰদাকাণ্ডও অন্যতম ৷ 2002 চনৰ 28 ফেব্ৰুৱাৰীত আহমেদাবাদৰ নাৰদা গাম অঞ্চলত মুছলমান লোকৰ বাসগৃহত অগ্নিসংযোগ কৰাৰ পিচতে 11 গৰাকী মুছলমান লোক নিহত হয় (2002 Gujarat riot case)। ইয়াৰ পূৰ্বে সাবৰমতী এক্সপ্ৰেছ ৰে’লত অযোধ্যাৰ পৰা উভতি অহা বিশ্ব হিন্দু পৰিষদ আৰু কাৰ সেৱকৰ তীৰ্থযাত্ৰীসকল গোধৰা ষ্টেচনত ৰখাৰ সময়ত 58 গৰাকী যাত্ৰী আহি থকা এছ ৬ নম্বৰ ডবাটোত অগ্নিসংযোগ কৰাৰ ফলত বহুতো লোকে মৃত্যুক আঁকোৱালি লৈছিল (11 minority community members killed )৷

তাৰ পিচতে 2002 চনৰ 27 ফেব্ৰুৱাৰীত সাবৰমতী এক্সপ্ৰেছৰ ডবা এছ ৬ জ্বলাই দিয়াৰ প্ৰতিবাদত বন্ধৰ আহ্বান কৰা হৈছিল ৷ বন্ধৰ সময়তেই এই হিংসাত্মক ঘটনা সংঘটিত হৈছিল ৷ এই ঘটনাৰ পিচতে নাৰদা আৰক্ষী থানাত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছিল ।

পৰৱৰ্তী সময়ত গুজৰাট সংঘৰ্ষৰ তদন্ত কৰা ন্যায়াধীশ নানাৱতী আয়োগৰ প্ৰতিবেদনত সাক্ষী সকলৰ বিবৃতিত উল্লেখ কৰা হৈছিল যে, "সেই ঘটনাৰ দিনা মুছলমান লোকসকলে কোনো আৰক্ষীৰ সহায় লাভ কৰা নাছিল ৷ এই ঘটনাৰ পিচত বিয়লিহে আৰক্ষী লোক ঘটনাস্থলীত উপস্থিত হৈছিলগৈ ৷ এই ঘটনাৰ পিচতে কেইবাজনো আৰক্ষী বিষয়াক নিলম্বন কৰা হৈছিল ৷ আৰক্ষীয়ে আয়োগক কাৰণ দৰ্শাই কৈছিল যে, একেসময়তে নাৰদাৰ পাটিয়াত অধিক গুৰুতৰ পৰিস্থিতি সৃষ্টি হোৱাৰ বাবে আৰক্ষীয়ে এই ঘটনাত উপস্থিত হ’ব পৰা নাছিল (Narda gam massacre verdict) ৷

এই গণহত্যাত ৰাজনৈতিক ব্যক্তি জড়িত থকা সন্দৰ্ভত আয়োগে কয়, "কেৱল অঞ্চলটোৰ বাসিন্দাই নহয়, আনকি সেই স্থানত উপস্থিত থকা আৰক্ষীয়েও ভাষ্য দিছিল যে ভি এইচ পি, বজৰং দল আৰু বিজেপিৰ নেতাসকল এই ঘটনাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ প্ৰৰোচনাত এই অঞ্চলত সংঘৰ্ষৰ সংঘটিত হৈছিল ।"(Godhra incident in Gujarat)

পৰৱৰ্তী সময়ত এই গোচৰৰ দ্ৰুত বিচাৰৰ বাবে গঠন কৰা বিশেষভাৱে মনোনীত আদালতে ৫ এপ্ৰিলত কাৰ্যক্ৰম সমাপ্ত কৰিছিল । যদিও গোচৰটোৰ বিচাৰৰ বাবে 86 জন অভিযুক্তক চাৰ্জশ্বীট দিয়া হৈছিল, 18 জনৰ শাস্তিৰ ম্যাদ হ্ৰাস কৰা হৈছিল আৰু এজনক অব্যাহতি দিয়া হৈছিল ৷ ফলত 67 জন অভিযুক্তই বিচাৰৰ সন্মুখীন হ’ব লগা হৈছিল । বৃহস্পতিবাৰে এই ৰায়দানত 67 জন অভিযুক্তৰ ভিতৰত, 65 জন আদালতত উপস্থিত আছিল ।

আয়োগে সমগ্ৰ ঘটনা নীৰিক্ষণ কৰি কৈছিল যে, "ঠাইখনত আৰক্ষী বাহিনী পৰ্যাপ্ত নাছিল । গতিকে আমি এইটো ক'ব নোৱাৰো যে তেওঁলোকে ইচ্ছাকৃতভাৱে ঘটনাটো ঘটিবলৈ অনুমতি প্ৰদান কৰিছিল ।"

লগতে পঢ়ক: Army vehicle catches fire: কাশ্মীৰত জীৱন্তে অগ্নিদগ্ধ ৪ সেনা জোৱান

Last Updated : Apr 21, 2023, 6:08 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.