ETV Bharat / bharat

27 ছেপ্তেম্বৰত ভাৰত বন্ধ : প্ৰতিবাদী কণ্ঠস্বৰ অধিক দৃঢ় কৰাৰ সংকল্প কৃষকৰ

author img

By

Published : Sep 5, 2021, 8:33 PM IST

কৃষি আইন প্ৰত্যাহাৰৰ দাবীৰে প্ৰতিবাদ অধিক তীব্ৰতৰ কৰি তোলাৰ সংকল্প লৈছে কৃষক সংগঠনে ৷ দেওবাৰে মুজাফৰ নগৰত অনুষ্ঠিত কিষাণ মহাপঞ্চায়তৰ মঞ্চৰ পৰা এই সংকল্প প্ৰতিবাদী কৃষকৰ ৷ তিনি বিতৰ্কিত কৃষি আইন( three contentious farm laws) প্ৰত্যাহাৰৰ দাবীত ২৭ ছেপ্টেম্বৰত সম্পূৰ্ণ ভাৰত বন্ধ(complete Bharat Bandh)ৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত ৷

Bharat Bhandh on Sep 27
27 ছেপ্তেম্বৰত ভাৰত বন্ধ

নেশ্যনেল ডেস্ক , 5 ছেপ্তেম্বৰ : সংযুক্ত কৃষক মৰ্চা(Sanyukt Kisan Morcha)ৰ অধীনত দেওবাৰে দেশৰ 15 খনকৈ ৰাজ্যৰ 300ৰো অধিক কৃষক ইউনিয়ন(farmer unions)ৰ অংশগ্ৰহণেৰে অনুষ্ঠিত কিষাণ মহাপঞ্চায়ত(Kisan Mahapanchayat) কৃষক ঐক্যৰ এক বৃহৎ প্ৰদৰ্শন হিচাপে পৰিগণিত হৈছে ৷ দেওবাৰে মুজাফৰ নগৰত অনুষ্ঠিত কিষাণ মহাপঞ্চায়তৰ মঞ্চৰ পৰাই কৃষকসকলে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰখাৰ সংকল্প গ্ৰহণ কৰে ৷ ইয়াৰ লগতে তিনি বিতৰ্কিত কৃষি আইন( three contentious farm laws) প্ৰত্যাহাৰৰ দাবীত কৃষকসকলে ২৭ ছেপ্টেম্বৰত সম্পূৰ্ণ ভাৰত বন্ধ(complete Bharat Bandh)ৰ কাৰ্যসূচীৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

কেন্দ্ৰই মুষ্টিমেয় কেইজনমান কৃষকেহে প্ৰতিবাদ কৰি আছে বুলি কৰা মন্তব্যৰ প্ৰতিও কৃষক ইউনিয়নৰ বক্তাসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ এই আন্দোলনৰ প্ৰতি সকলো জাতি, ধৰ্ম, ৰাজ্য, ক্ষুদ্ৰ ব্যৱসায়ী আৰু সমাজৰ সকলো শ্ৰেণীৰ' সমৰ্থন থকা কথাটো এই মহাপঞ্চায়তে প্ৰমাণ কৰিছে বুলি কৃষক নেতাসকলে মন্তব্য কৰে ৷

লগতে পঢ়ক : উত্তৰ প্ৰদেশ নিৰ্বাচনৰ পূৰ্বে হত্যা হ’ব অগ্ৰণী হিন্দুত্ববাদী নেতাৰ : ৰাকেশ টিকেট

এক বিবৃতিযোগে সংযুক্ত কৃষক মৰ্চাই কয় যে, "আজি মহাপঞ্চায়তে মোডী আৰু যোগী চৰকাৰক কৃষক, খেতিয়ক আৰু খেতিয়ক আন্দোলনৰ সমৰ্থকসকলৰ শক্তি উপলব্ধি কৰাব । বিগত ন মাহৰ ভিতৰত মুজাফৰ নগৰ মহাপঞ্চায়ত এতিয়ালৈকে অনুষ্ঠিত আটাইতকৈ ডাঙৰ মহাপঞ্চায়ত হিচাপে বিবেচিত হ'ব" ৷

কৃষক নেতাসকলে এই কথা সম্পূৰ্ণৰূপে স্পষ্ট কৰি দিছে যে, যদিহে চৰকাৰে তেওঁলোকৰ দাবী মানি নলয় তেন্তে তেওঁলোকে ২০২২ চনত উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড বিধানসভা নিৰ্বাচন( Uttar Pradesh and Uttarakhand Assembly elections in 2022)ত শাসকীয় বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলাব । তেওঁলোকে আনকি ২০২৪ চনলৈকে তেওঁলোকৰ আন্দোলন অব্যাহত ৰাখিব বুলিও হুংকাৰ দিয়ে ৷

লগতে পঢ়ক : ভাৰতীয় ৰে’লে মুকলি কৰিলে 17 দিনীয়া ‘শ্ৰী ৰামায়ণ যাত্ৰা’

এতিয়াৰে পৰা আন্দোলন আৰু অধিক শক্তিশালী কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হ'ব বুলি মন্তব্য কৰি কৃষক নেতাসকলে লগতে কয় যে, তেওঁলোকৰ ইচ্ছা আকাংক্ষাক পূৰণ কৰিব পৰাকৈ কৃষকসকলৰ নিজৰ এখন চৰকাৰ থকা বিষয়টো সুনিশ্চিত কৰিবৰ বাবেও প্ৰচেষ্টা হাতত লোৱা হ'ব ৷

BKUৰ মুখপাত্ৰ ৰাকেশ টিকেটে(Rakesh Tikait) কৃষকসকল স্ব-ইচ্ছাই কেইবাখনো ৰাজ্যৰ পৰা অহা বুলি মন্তব্য কৰে ৷ তেওঁ কয়, "এয়া কৃষকসকলৰ শক্তি ৷ চৰকাৰে কিমান দিন ধৰি আমাক আমাৰ অধিকাৰ অস্বীকাৰ কৰি থাকিব । কৃষকসকল নিজে কেইবাখনো ৰাজ্যৰ পৰা আহিছে আৰু তেওঁলোক ইয়ালৈ কোনো ৰাজনৈতিক দলৰ বাবে অহা নাই" ৷

লগতে পঢ়ক : দেশৰ সৰ্বাধিক জনপ্ৰিয় তালিকাৰ শীৰ্ষত নৰেন্দ্ৰ মোডী

ভাৰতক এতিয়া বিক্ৰীৰ বাবে ৰখা হৈছে আৰু ৰাষ্ট্ৰীয় সম্পত্তি ব্যক্তিগত খণ্ডক বিক্ৰী কৰা হৈছে বুলিও টিকেটে অভিযোগ উত্থাপন কৰে ৷ পৰৱৰ্তী বৈঠকখন কুঁহিয়াৰ খেতিয়ক(Cane Farmers)সকলৰ সমৰ্থনত লক্ষ্ণৌত অনুষ্ঠিত হ'ব বুলি তেওঁ সদৰী কৰে ৷ মহাপঞ্চায়তত ৰাষ্ট্ৰীয় লোক দলৰ এক চিহ্নিত ৰাজনৈতিক উপস্থিতি আছিল ।

ইফালে, পঞ্জাৱৰ ৩২ টা কৃষক সংগঠনে(farmer unions from Punjab) ৰাজ্য চৰকাৰক ৮ ছেপ্টেম্বৰৰ ভিতৰত প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে ৷ যদিহে গোচৰবোৰ প্ৰত্যাহাৰ কৰা নহয় তেন্তে কৃষকসকলে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি কৃষক সংগঠনসমূহে হুংকাৰ দিছে ৷

লগতে পঢ়ক : 44 গৰাকী শিক্ষকক ৰাষ্ট্ৰীয় বঁটা প্ৰদান ৰামনাথ কোবিন্দৰ

উল্লেখ্য যে, মহাপঞ্চায়তে কৃষক আৰু তেওঁলোকৰ সমৰ্থকসকলৰ পৰা ব্যাপক সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছিল ৷ ৰাতিপুৱাৰে পৰা GIC খেলপথাৰ ভৰ্তি হৈ পৰা লগতে অনুষ্ঠানস্থলীলৈ যোৱা পথসমূহতো আনকি ব্যাপক জনসমাগম দেখা গৈছিল ৷ দেওবাৰে অনুষ্ঠিত এই মহাপঞ্চায়তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো আছিল মহিলাসকলৰ বৃহৎ উপস্থিতি ৷

বিগত ন মাহ ধৰি তিনি বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ দাবীৰে হাজাৰ হাজাৰ কৃষকে দিল্লীৰ সীমাত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ ইফালে কেন্দ্ৰই এতিয়ালৈকে কৃষক সংঘৰ সৈতে ১০ বাৰতকৈও অধিক আলোচনাত বহিছে ৷ কিন্তু কৃষকৰ দাবী তথা সমস্যা সমাধানৰ ক্ষেত্ৰত এতিয়ালৈকে কোনোধৰণৰ আশানুৰূপ ফলাফল পৰিলক্ষিত হোৱা নাই ৷

লগতে পঢ়ক : ব্ৰু চুক্তি ৰূপায়ণ : দৈনিক নিৰীক্ষণৰ নিৰ্দেশ অমিত শ্বাহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.