ETV Bharat / bharat

44 গৰাকী শিক্ষকক ৰাষ্ট্ৰীয় বঁটা প্ৰদান ৰামনাথ কোবিন্দৰ

author img

By

Published : Sep 5, 2021, 3:14 PM IST

দেশৰ 44 গৰাকী কৃতি শিক্ষকলৈ ৰাষ্ট্ৰীয় বঁটা ৷ শিক্ষক দিৱস উপলক্ষে দেশৰ ভিন্ন প্ৰান্তৰ 44 গৰাকী শিক্ষকলৈ ৰাষ্ট্ৰীয় বঁটা ৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভাৰ্চুৱেল মাধ্যমৰে প্ৰদান কৰিলে এই বঁটা ৷

President Kovind confers 44 teachers with National Awards
44 গৰাকী শিক্ষকক ৰাষ্ট্ৰীয় বঁটা প্ৰদান ৰামনাথ কোবিন্দৰ

নেশ্যনেল ডেস্ক , 5 ছেপ্তেম্বৰ : শিক্ষক দিৱস(Teachers' Day) উপলক্ষে দেশৰ 44 জন কৃতি শিক্ষক(44 meritorious teachers)ক ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হৈছে ৷ শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে((President Ram Nath Kovind) শিক্ষকসকলক ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰে ৷ শিক্ষকসকলক সন্মান প্ৰদান কৰি আগন্তুক প্ৰজন্মৰ ভৱিষ্যত এই সকল শিক্ষকৰ হাতত সুৰক্ষিত বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে ৷

লগতে পঢ়ক : কলিয়াবৰৰ এগৰাকী আদৰ্শ শিক্ষকৰ কৰ্মস্পৃহাৰ কথাৰে...

ক'ভিড(COVID-19)সৃষ্ট পৰিৱেশৰ বাবে ভাৰ্চুৱেল মাধ্যমত অনুষ্ঠিত অনুষ্ঠানত বক্তব্য ৰাখি ৰাষ্ট্ৰপতিগৰাকীয়ে সকলো শিক্ষককে অভিনন্দন জ্ঞাপন কৰে ৷ তেওঁ কয়, "মই সকলো শিক্ষকক অভিনন্দন জনাইছো ৷ এই শিক্ষকসকলৰ বিষয়ে অৱগত হৈ মই আশ্বাস লাভ কৰো যে, এনে ভাল শিক্ষকৰ হাতত আগন্তুক প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত হৈ আছে ৷"

তেওঁ লগতে কয়, আমি সকলোৱে জানো যে বিশ্বজুৰি এগৰাকী দাৰ্শনিক আৰু পণ্ডিত হিচাপে পৰিচিত ড৹ ৰাধাকৃষ্ণণৰ স্মৃতিত শিক্ষক দিৱস পালন কৰা হয় ৷ তেওঁ কেৱল এজন শিক্ষক হিচাপেহে তেওঁক মনত ৰখাটো বিচাৰিছিল ৷ এজন মহান শিক্ষক হিচাপে তেওঁ এক মোহাৰিব নোৱাৰা চিন ৰাখি থৈ গৈছে ৷

লগতে পঢ়ক : ভাৰতীয় ৰে’লে মুকলি কৰিলে 17 দিনীয়া ‘শ্ৰী ৰামায়ণ যাত্ৰা’

ৰাষ্ট্ৰপতিৰ দ্বাৰা সন্মানিত শিক্ষকসকলৰ ভিতৰত আছে মমতা পালিৱাল (জিজিএছএছ ভিৱানী, হাৰিয়ানা), কমল কিশোৰ শৰ্মা (চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, কান্দাঘাট, হিমাচল প্ৰদেশ), জগতাৰ সিং(চৰকাৰী প্ৰাথমিক বিদ্যালয়, খামানো, ফতেহগড় চাহিব, পঞ্জাৱ), সঞ্জীৱ কুমাৰ শৰ্মা, (চৰকাৰী প্ৰাথমিক বিদ্যালয়, ৰিয়াচি, জম্মু আৰু কাশ্মীৰ) আৰু মহম্মদ আলী (মধ্য চৰকাৰী বিদ্যালয়, কাৰ্গিল, লাডাখ) ৷ বিগত বছৰত, কোবিন্দে শিক্ষক দিৱসত 47 জন শিক্ষকক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিছিল ৷

লগতে পঢ়ক : দেশৰ সৰ্বাধিক জনপ্ৰিয় তালিকাৰ শীৰ্ষত নৰেন্দ্ৰ মোডী

উল্লেখ্য যে, ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম জয়ন্তী উদযাপনৰ উদ্দেশ্যে প্ৰতি বছৰে 5 ছেপ্তেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয় ৷ এগৰাকী প্ৰখ্যাত পণ্ডিত হোৱাৰ উপৰিও তেওঁ আছিল ভাৰতৰত্নপ্ৰাপ্ত, দেশৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আৰু স্বাধীন ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ৷ 1888 চনৰ 5 ছেপ্তেম্বৰত ড৹ ৰাধাকৃষ্ণনে জন্মলাভ কৰিছিল ৷

লগতে পঢ়ক : মোৰ মা মোৰ প্ৰথম শিক্ষক : শিক্ষক দিৱসত মাতৃলৈ বিশেষ পোষ্ট ঈশাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.