ETV Bharat / bharat

Benefits of coconut oil: কেৱল ছাল আৰু চুলিৰ বাবেই নহয় দৈনন্দিন খাদ্যতো ব্যৱহাৰ কৰক নাৰিকল তেল

author img

By

Published : Oct 30, 2022, 8:30 PM IST

চুলিৰ বিকাশ বৃদ্ধি কৰাৰ লগতে নাৰিকল তেল ছালৰ বাবেও যথেষ্ট উপকাৰী । আইতাসকলৰ মুখতো হয়তো প্ৰায়েই আপুনি এই তেলৰ উপকাৰিতাৰ বিষয়ে শুনিছে । কিন্তু আপুনি জানেনে যে নাৰিকল তেল আমাৰ স্বাস্থ্যৰ বাবেও অতি উপকাৰী । ফাংচনেল নিউট্ৰিচনেল থেৰাপি প্ৰেকটিচনাৰ মেগ লেংষ্টনে তেওঁৰ ইনষ্টাগ্ৰাম পোষ্টত দৈনিক নাৰিকল তেল সেৱনৰ উপকাৰিতাৰ বিষয়ে ব্যাখ্যা কৰিছে ।

Amazing health benefits of consuming coconut oil regularly
কেৱল ছাল আৰু চুলিৰ বাবেই নহয় দৈনন্দিন খাদ্যতো ব্যৱহাৰ কৰক নাৰিকল তেল

চুলিৰ বিকাশ বৃদ্ধি কৰাৰ লগতে নাৰিকল তেল ছালৰ বাবেও যথেষ্ট উপকাৰী । আইতাসকলৰ মুখতো হয়তো প্ৰায়েই আপুনি এই তেলৰ উপকাৰিতাৰ বিষয়ে শুনিছে । কিন্তু আপুনি জানেনে যে নাৰিকল তেল আমাৰ স্বাস্থ্যৰ বাবেও অতি উপকাৰী(Amazing health benefits of consuming coconut oil)। ফাংচনেল নিউট্ৰিচনেল থেৰাপি প্ৰেকটিচনাৰ মেগ লেংষ্টনে(Practitioner Meg Langston) তেওঁৰ ইনষ্টাগ্ৰাম পোষ্টত দৈনিক নাৰিকল তেল সেৱনৰ উপকাৰিতাৰ বিষয়ে ব্যাখ্যা কৰিছে ।

Amazing health benefits of consuming coconut oil regularly
কেৱল ছাল আৰু চুলিৰ বাবেই নহয় দৈনন্দিন খাদ্যতো ব্যৱহাৰ কৰক নাৰিকল তেল

নাৰিকল তেল খোৱাৰ উপকাৰিতা

১) আৰোগ্যৰ বাবে উপকাৰী: আন সংপৃক্ত চৰ্বিৰ(saturated fats) দৰে নাৰিকল তেল হৈছে শৰীৰত আৰোগ্য লাভ কৰাত সহায় কৰা স্বাস্থ্যকৰ সংপৃক্ত চৰ্বি । নাৰিকল তেলত ৮০% তকৈ অধিক সংপৃক্ত চৰ্বি থাকে(Health benefits of coconut oil) ।

২) চৰ্বি কমোৱাত সহায়কাৰী: ইয়াৰ প্ৰদাহ নিবাৰণকাৰী গুণ আছে (anti-inflammatory properties)। ই অবিশ্বাস্যভাৱে উপকাৰী হ’ব পাৰে কাৰণ শৰীৰৰ প্ৰদাহ হ্ৰাস কৰিলে থাইৰয়ড/বিপাকীয় ক্ৰিয়া লেহেমীয়া কৰাত সহায় কৰিব পাৰি(Coconut oil helps reduce fat) । ইয়াৰ এন্টিমাইক্ৰ’বিয়াল আৰু এন্টিঅক্সিডেন্ট গুণৰ বাবে ই ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে ।

Amazing health benefits of consuming coconut oil regularly
কেৱল ছাল আৰু চুলিৰ বাবেই নহয় দৈনন্দিন খাদ্যতো ব্যৱহাৰ কৰক নাৰিকল তেল

৩) ব্লাড চুগাৰৰ বাবে উপকাৰী: নাৰিকল তেলে গ্লুক’জ সহনশীলতা বৃদ্ধি কৰাত সহায় কৰে । কাৰণ এমচিটিবোৰ পিত্ত বিচ্ছিন্ন নোহোৱাকৈ পাচনতন্ত্ৰৰ পৰা পোনে পোনে যকৃতলৈ যায় । এনে পৰিস্থিতিত আন প্ৰকাৰৰ চৰ্বিৰ দৰে শৰীৰত জমা হোৱাৰ পৰিৱৰ্তে শক্তিৰ বাবে ব্যৱহাৰ কৰা হয় ।

৪) সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে: নাৰিকল তেলত ল’ৰিক এচিড থাকে আৰু শৰীৰে ল’ৰিক এচিডক মনোল’ৰিনলৈ ৰূপান্তৰিত কৰে, যাৰ এন্টিমাইক্ৰ’বিয়াল গুণ আছে আৰু বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়াত অতি উত্তম ।

Amazing health benefits of consuming coconut oil regularly
কেৱল ছাল আৰু চুলিৰ বাবেই নহয় দৈনন্দিন খাদ্যতো ব্যৱহাৰ কৰক নাৰিকল তেল

৫) কলেষ্টেৰল হ্ৰাস কৰে: দৈনিক নাৰিকল তেল সেৱন কৰিলে কলেষ্টেৰলক প্ৰেগনেনলন আৰু প্ৰজেষ্টেৰনলৈ ৰূপান্তৰিত হোৱাৰ প্ৰসাৰ ঘটাই স্বাভাৱিক মাত্ৰালৈ আনিব পাৰি ।

Amazing health benefits of consuming coconut oil regularly
কেৱল ছাল আৰু চুলিৰ বাবেই নহয় দৈনন্দিন খাদ্যতো ব্যৱহাৰ কৰক নাৰিকল তেল

ইয়াৰ উপৰিও নাৰিকল তেলৰ কিছু গুণকাৰী দিশৰ বিষয়ে জানো আহক-

  • নাৰিকল তেলে এলঝেইমাৰ প্ৰতিৰোধ কৰাত সহায় কৰে
  • পৰিপুষ্টি বিজ্ঞানত প্ৰমাণ হৈছে যে নাৰিকল তেল যিসকলে খায়, তেওঁলোকৰ হৃদৰোগ আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে
  • নিয়মীয়াকৈ নাৰিকল তেল খালে বৃক্কৰ সংক্ৰমণ প্ৰতিৰোধ হয়
  • আৰ্থ্ৰাইটিছ ৰোগৰ বাবেও নাৰিকল তেল অতি উত্তম
  • কেঞ্চাৰ ৰোগীসকলেও নাৰিকল তেল নিয়মীয়াকৈ খাব পাৰে
  • নাৰিকল তেলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
  • নাৰিকল তেলে নামৱ দেহৰ মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ লগতে স্মৃতিশক্তিতো প্ৰভাৱ পেলায়
  • নিয়মীয়াকৈ নাৰিকল তেল গ্ৰহণ কৰাসকলৰ শাৰীৰিক ক্ষমতা অন্য লোকৰ তুলনাত বেছি
  • নাৰিকল তেলে গলব্লাডাৰ আৰু পেংক্ৰাইটিছ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।
  • নিয়মীয়াকৈ নাৰিকল তেল শৰীৰত লগালে ছাল মসৃণ হয়
  • নাৰিকল তেল খোৱাসকলৰ দাঁতৰ ৰোগ কম হোৱাৰ লগতে দাঁতৰ আলুও সুস্থ হয়
  • চুলিৰ বাবেও নাৰিকল তেল উত্তম
  • নিয়মীয়াকৈ নাৰিকল তেলেৰে মালিচ কৰিলে শৰীৰৰ পেশী সবল হোৱাৰ লগতে চৰ্বি হ্ৰাস হয়
  • নাৰিকল তেলে হৰম’নৰ সমতা ৰক্ষা কৰে বাবে ছালৰ ৰোগ প্ৰতিৰোধত সহায়ক হয়

লগতে পঢ়ক: Health benefits of Kiwi: কিৱিৰ উপকাৰিতামূহৰ বিষয়ে জানিলে আপুনি হৈ পৰিব আচৰিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.