ETV Bharat / sukhibhava

Health benefits of Kiwi: কিৱিৰ উপকাৰিতামূহৰ বিষয়ে জানিলে আপুনি হৈ পৰিব আচৰিত

author img

By

Published : Oct 30, 2022, 1:46 PM IST

‘কিৱি’(Kiwi) এবিধ অতি উপকাৰী ফল । আমদানিকৃত এই ফলবিধ মূলতঃ চীন দেশৰ চাং কিয়া ভেলীৰ (Shang Kiang Valley) । ১৯ শতিকাত ‘কিৱি’ ফলক চীন দেশৰ পৰা নিউজিলেণ্ডলৈ ৰপ্তানি কৰা হৈছিল, য’ত এই ফলবিধ অত্যধিক জনপ্রিয় হৈ পৰে । কিৱিৰ প্ৰথম বাণিজ্যিক ৰোপণ কৰা হৈছিল নিউজিলেণ্ডতে । এই ফলবিধক ‘কিৱি’ নামেৰে এই কাৰণে নামকৰণ কৰা হৈছে যে নিউজিলেণ্ড বাসীসকলক সমগ্র বিশ্বই কিৱি (Kiwi) উপনামেৰেই জনাজাত ।

Know the health benefits of kiwi
কিৱিৰ উপকাৰিতামূহৰ বিষয়ে জানিলে আপুনি হৈ পৰিব আচৰিত

আমি সকলোৱে জানো যে ফল স্বাস্থ্যৰ বাবে কিমান উপকাৰী । কিন্তু কিছুমান ফল আছে যিবোৰ পুষ্টিকৰ উপাদানৰ ভঁৰাল বুলি কোৱা হয় । ইয়াৰে ভিতৰত অন্যতম এবিধ ফল হৈছে কিৱি ৷ কিৱি হৈছে এনেকুৱা এবিধ ফল যাৰ সোৱাদ টেঙা আৰু মিঠা ।

‘কিৱি’(Kiwi) এবিধ অতি উপকাৰী ফল । কিৱিৰ আছে বহু গুণকাৰী দিশ ৷ আমদানিকৃত এই ফলবিধ মূলতঃ চীন দেশৰ চাং কিয়া ভেলীৰ (Shang Kiang Valley) । ১৯ শতিকাত ‘কিৱি’ ফলক চীন দেশৰ পৰা নিউজিলেণ্ডলৈ ৰপ্তানি কৰা হৈছিল, য’ত এই ফলবিধ অত্যধিক জনপ্রিয় হৈ পৰে । কিৱিৰ প্ৰথম বাণিজ্যিক ৰোপণ কৰা হৈছিল নিউজিলেণ্ডতে । এই ফলবিধক ‘কিৱি’ নামেৰে এই কাৰণে নামকৰণ কৰা হৈছে যে নিউজিলেণ্ড বাসীসকলক সমগ্র বিশ্বই কিৱি (Kiwi) উপনামেৰেই জনাজাত ।

সেই কাৰণে মূলতঃ Chirose কৰ্জা টেঙা (Gooseberry) এই ফলবিধ নিউজিলেণ্ডৰ পৰা সমগ্র বিশ্বত জনপ্রিয় হোৱাৰ বাবে ইয়াৰ ‘কিৱি’ নামেৰে নামকৰণ কৰা হয় ।

Know the health benefits of kiwi
কিৱিৰ উপকাৰিতামূহৰ বিষয়ে জানিলে আপুনি হৈ পৰিব আচৰিত

কিৱিৰ গুণাগুণৰ বিষয়ে কিছু কথা জানি লওঁ আহক-

  • কাহৰ পৰা সুৰক্ষা(Protection from cough)

বহু অধ্যয়ন তথা গৱেষণাৰ পৰা এই কথা প্ৰমাণিত হৈছে যে নিয়মিতভাৱে কিৱি ফল খালে কাহ, পানীলগা আদিৰ পৰা ৰক্ষা পাব পাৰি(Know the health benefits of kiwi)। কিৱি ফলত এন্টি অক্সিডেন্ট আৰু পলিফেনলছ মজুত থাকে । এই দুবিধ উপাদানে আমাক কাহ, চৰ্দি আদিৰ পৰা সুৰক্ষা প্ৰদান কৰে ।

  • নিদ্ৰাহীনতাৰ পৰা মুক্তি(Getting rid of insomnia)

টাইপেই মেডিকেল ইউনিভাৰচিটিয়ে কৰা গৱেষণা অনুসৰি কিৱি ফলত বহুকেইবিধ প্রয়োজনীয় উপাদান আছে । যিসমূহৰ ভিতৰত এন্টি অক্সিডেণ্ট আৰু চেৰোট’নিন হৈছে নিদ্রাহীনতা ৰোগৰ চিকিৎসাত অতি প্রয়োজনীয় । কোৱা হয় যে, ৰাতি শুবলৈ যোৱাৰ এঘন্টা পূৰ্বে যদি দুটা কিৱি ফল খোৱা হয়, তেন্তে ই শীঘ্ৰেই টোপনি অহাত সহায় কৰে ।

Know the health benefits of kiwi
কিৱিৰ উপকাৰিতামূহৰ বিষয়ে জানিলে আপুনি হৈ পৰিব আচৰিত
  • ভিটামিন ‘B6’ৰ উত্তম উৎস(It is a good source of vitamin B6)

কিৱি ফলত প্ৰচুৰ পৰিমাণে ভিটামিন “B6” পোৱা যায় । ভিটামিন ‘B6’ক ফ'লেট বুলিও কোৱা হয় । ই গৰ্ভৱতী মহিলাৰ বাবে অতি উপকাৰী । কাৰণ ফ’লেটে ভ্ৰূণৰ বিকাশত সহায় কৰে তথা ইয়াক সুস্থ কৰি ৰাখে । বাঢ়ি অহা শিশুৰ বিকাশতো ফ’লেটৰ ভূমিকা অতি গুৰুত্বপূর্ণ ।

  • ভিটামিন আৰু মিনাৰেলচৰ ‘পাৱাৰ হাউচ’('Power House' of Vitamins and Minerals)

কিৱিত মজুত থকা ভিটামিন আৰু মিনাৰেলসমূহ হৈছে ভিটামিন-'A', B6, B12, C, E লগতে পোৱা যায় পটাচিয়াম, কেলচিয়াম, আয়ৰণ তথা মেগনেচিয়াম । শৰীৰৰ বিভিন্ন কাম-কাজ সূচাৰুৰূপে পৰিচালিত হোৱাত এইসমূহৰ ভূমিকা গুৰুত্বপূর্ণ । যেনে- ধমনীসমূহৰ মাজেদি সুচাৰুৰূপে ৰক্ত চলাচল কৰা, সুস্থ হাড়, দাঁত আৰু ভাল দৃষ্টিশক্তিৰ বাবে আয়ৰণ আহৰণ কৰা ইত্যাদি । পটাচিয়ামৰ উচ্চসীমাই (প্রতি ১০০ গ্রামত ৩১২ মিঃগ্ৰাঃ) ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে । আকৌ মেগনেচিয়ামে সহায় কৰে নাৰ্ভ আৰু মাংসপেশীৰ কাৰ্য সুচাৰুৰূপে পৰিচালিত হোৱাত ।

Know the health benefits of kiwi
কিৱিৰ উপকাৰিতামূহৰ বিষয়ে জানিলে আপুনি হৈ পৰিব আচৰিত
  • পাচন প্ৰক্ৰিয়াত সহায়ক(It helps in the digestive process)

কিৱি ফলত Actinidain নামৰ এবিধ এনজাইম আছে আৰু এনজাইম প্ৰ'টিন দ্রৱীভূত কৰিব পৰা গুণৰ বাবে জনাজাত । এই এনজাইমবিধে শৰীৰৰ প্র'টিন হজম হোৱাত ভোগা ৰোগীক সকাহ দিয়াত সহায় কৰে ।

  • খাব পৰা আঁহৰ উত্তম উৎস(Excellent source of dietary fiber)

অতুলনীয় কিৱি ফলবিধ হৈছে খাব পৰা আঁহৰ (Dietary Fiber)ৰ ভাণ্ডাৰ; যি বহু প্রকাৰৰ ৰোগ প্ৰতিৰোধত সহায় কৰে । ৰক্তচাপ, কলেষ্টৰেল আৰু তেজত থকা শৰ্কৰা নিয়ন্ত্ৰণ কৰি ৰখাত উচ্চ আঁহযুক্ত খাদ্যৰ ভূমিকা পালন কৰে ।

  • ছাল আৰু চুলিৰ স্বাস্থ্য ৰক্ষাত সহায় কৰে(It helps to maintain healthy skin and hair)

কিৱিৰ প্ৰকৃতিগতভাৱে থকা ক্ষাৰকীয় গুণে আমি গ্ৰহণ কৰা আম্লিক আহাৰক সহজে হজম হোৱাত সহায় কৰে (যিহেতু এনে আম্লিক আহাৰ হজম কৰাবলৈ কঠিন)। এক স্বাস্থ্যবান শৰীৰত থাকে ভাল pH Balance আৰু এই মাত্ৰাই আমাক কাৰ্যক্ষম কৰি ৰাখে, কিৱি ফলত থকা ভিটামিনসমূহ (‘চি’ আৰু ই) হৈছে আমাৰ ছালৰ বাবে অতি গুৰুত্বপূর্ণ । ই ছালত ক’লাজেন তৈয়াৰ হোৱাত সহায় কৰে আৰু বলিৰেখা দূৰ কৰে, ছালৰ শিথিলতা দূৰ কৰে । কিৱি এক প্রাকৃতিক স্ক্ৰাব । কিৱিৰ প্রলেপে চানবাৰ্ণ আৰু টেনিঙো দূৰ কৰে । কিৱিত থকা 'E-ভিটামিনে ছালৰ কোষ পুনৰ নিৰ্মাণ কৰে । ই ছালখন সতেজ আৰু নিমজ কৰি তোলে ।

  • এই সকলোবোৰৰ উপৰিও কিৱিত থকা ওমেগা-৩ ফেটি এচিডে আমাৰ হৃদযন্ত্ৰটোও সুস্থ কৰি ৰাখে-
    Know the health benefits of kiwi
    কিৱিৰ উপকাৰিতামূহৰ বিষয়ে জানিলে আপুনি হৈ পৰিব আচৰিত

কিৱিত ভৰপূৰ মাত্ৰাত থকা ওমেগা-৩ ফেটি এচিডে চুলিৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে(Omega 3) । ক’পাৰৰ মাত্ৰা অধিক থকাৰ কাৰণে কিৱিয়ে অকালপক্কতা আৰু চুলি সৰা সমস্যা প্ৰতিৰোধ কৰে । কিৱিত মজুত থকা মেগনেচিয়াম, জিংক আৰু ফচফৰাছে ছাললৈ তেজৰ সঞ্চালন বৃদ্ধিত সহায় কৰে ।

  • ভিটামিন 'C'ৰ সর্বোত্তম উৎস(It is the best source of vitamin C)

যদি আপুনি ভাবিছে যে নেমু আৰু সুমথিৰাই ভিটামিন-চিৰ সৰ্বোত্তম উৎস, তেন্তে পুনৰাই চিন্তা কৰক । কাৰণ অধ্যয়ন আৰু গৱেষণাই এই কথা প্রমাণ কৰিছে যে প্রতি এশগ্রাম কিৱি ফলত থাকে 154 শতাংশ ভিটামিন-‘C’ যি নেমু আৰু সুমথিৰাতকৈ দুগুণ ।

লগতে পঢ়ক: World Stroke Day 2022: বিশ্বজুৰি কিয় বৃদ্ধি পাইছে ষ্ট্ৰোক ৰোগীৰ সংখ্যা, জানক ইয়াৰ কাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.