ETV Bharat / bharat

Attacked on Parliament of India : সংসদ ভৱন আক্ৰমণৰ ২১ বছৰ

author img

By

Published : Dec 13, 2022, 12:54 PM IST

ভাৰতৰ সংসদ ভৱন আক্ৰমণৰ ২১ বছৰ (21th anniversary of Parliament attack)। সন্ত্ৰাসবাদী আক্ৰমণৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন । আক্ৰমণত ৯ গৰাকী লোক শ্বহীদ হৈছিল ।

Attacked on Parliament of India
সংসদ ভৱন আক্ৰমণৰ ২১ বছৰ

নেশ্যনেল ডেস্ক,১৩ ডিচেম্বৰ : ১৩ ডিচেম্বৰ ভাৰতীয় ইতিহাসৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন (13 December incident)। কিয়নো ২০০১ চনৰ ১৩ ডিচেম্বৰৰ পুৱাৰ ঘটনাই সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰিছিল । সন্ত্ৰাসবাদীয়ে এই দিনটোতে দেশৰ ৰাজধানীৰ আটাইতকৈ সুৰক্ষিত এলেকা হিচাপে জনাজাত সংসদ ভৱনত নিৰাপত্তাৰক্ষীৰ চকুত ধুলি দি প্ৰৱেশ কৰি আক্ৰমণ কৰিবলৈ সক্ষম হৈছিল (Indian parliament terrorist attack)।

হয়, সংসদ ভৱনৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ আজি ২১ বছৰ সম্পূৰ্ণ (21th anniversary of Parliament attack)। এই দিনটোতে গণতন্ত্ৰৰ মন্দিৰ স্বৰূপ সংসদ ভৱনত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল । শীতকালীন অধিৱেশন চলি থকাৰ সময়তে সংসদ ভৱনত সন্ত্ৰাসবাদীৰ আক্ৰমণ হৈছিল । পাকিস্তানৰ ৫ জনীয়া সন্ত্ৰাসবাদীয়ে সংসদ ভৱন চৌহদত প্ৰৱেশ কৰিছিল আৰু গুলীচালনা কৰিছিল ।

এই সন্ত্ৰাসবাদী আক্ৰমণত ৯ গৰাকী লোক শ্বহীদ হৈছিল (9 Indian were martyred in Parliament attack)। সেয়ে আজিৰ দিনটোত দেশৰ ভিন্ন প্ৰান্তত সেই শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে । আটাইকেইজনে সন্ত্ৰাসবাদীক উপযুক্ত প্ৰত্যুত্তৰ দিছিল আৰু সংসদ ভৱনত প্ৰৱেশ কৰাৰ পৰিকল্পনা বিফল কৰিছিল ।

সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত সকলো বিৰোধী সাংসদৰ হুলস্থূলৰ বাবে সংসদৰ দুয়োখন সদন স্থগিত ৰখাৰ সময়তে এই আক্ৰমণটো সংঘটিত হৈছিল । একে সময়তে, সংসদ চৌহদত গুলীবৰ্ষণৰ শব্দও শুনিবলৈ পোৱা গৈছিল ।

সন্ত্ৰাসবাদীসকল বগা ৰঙৰ এখন এম্বেচাদৰ বাহনত আহিছিল

২১ বছৰ পূৰ্বে আজিৰ দিনটোতে এখন বগা এম্বেচাদৰ বাহনত জৈইচ-ই-মহম্মদৰ ৫ জনীয়া সন্ত্ৰাসবাদী দলটো পুৱা সম্পূৰ্ণ প্ৰস্তুতিৰে সংসদ ভৱনত প্ৰৱেশ কৰিছিল (Terrorist attack in Parliament)। কমপ্লেক্সত বাহনখনে উপ-ৰাষ্ট্ৰপতিৰ কনভয়ৰ বাহনখনত খুন্দা মাৰে, যাৰ ফলত নিৰাপত্তাৰক্ষীসকলে তেওঁলোকক সন্দেহ কৰে । নিৰাপত্তাৰক্ষীয়ে পদক্ষেপ লোৱাৰ পূৰ্বেই বাহনখনত থকা সন্ত্ৰাসবাদীকেইটাই গুলীবৰ্ষণ আৰম্ভ কৰে । তাৰ পাছত, সংসদ ভৱনত পহৰা দিয়া চিআৰপিএফ জোৱানসকলেও তাৰ প্ৰত্যুত্তৰ দিয়ে ।

সংসদ ভৱনত ২০০ গৰাকী সাংসদ উপস্থিত আছিল

সন্ত্ৰাসবাদীকেইটাই সংসদ ভৱনত প্ৰৱেশ কৰি সাংসদ আৰু মন্ত্ৰীসকলক লক্ষ্য কৰি ল'বলৈ চেষ্টা কৰিছিল । কিন্তু নিৰাপত্তাৰক্ষীয়ে তেওঁলোকৰ পৰিকল্পনা বিফল কৰিছিল । সেই সময়ছোৱাত বহুতো সাংসদ আৰু মন্ত্ৰী সংসদত উপস্থিত আছিল । আক্ৰমণৰ সময়ত তদানীন্তন গৃহমন্ত্ৰী এল কে আদৱানীকে ধৰি প্ৰায় ২০০ গৰাকী সাংসদ সংসদ চৌহদতে উপস্থিত আছিল । আক্ৰমণৰ লগে লগে সুৰক্ষা কৰ্মীয়ে তেওঁলোকক কোঠালৈ প্ৰেৰণ লৈ গৈছিল আৰু তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰিছিল ।

সন্ত্ৰাসবাদীকেইটাই এই সময়ছোৱাত হেণ্ড গ্ৰেণেড নিক্ষেপ কৰিছিল । নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদীকেইটাক চাৰিওফালৰ পৰা ঘেৰি ধৰিছিল আৰু তেওঁলোকক লক্ষ্য কৰি গুলীচালনা কৰিছিল । সন্ত্ৰাসবাদী আক্ৰমণত দিল্লী আৰক্ষীৰ ৫ গৰাকী জোৱান, এগৰাকী মহিলা কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ কৰ্মী আৰু সংসদ সুৰক্ষাৰ দুগৰাকী নিৰাপত্তা সহায়ক নিহত হয় । এই সন্ত্ৰাসবাদী আক্ৰমণত এজন মালীও নিহত হৈছিল ।

পাকিস্তানৰ সৈতে উত্তেজনা বৃদ্ধি

সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তত প্ৰকাশ পাইছিল যে ইয়াৰ মাষ্টাৰমাইণ্ড আছিল আফজল গুৰু, যি পাকিস্তান অধিকৃত কাশ্মীৰৰ মুজাফ্ফৰাবাদৰ এটা আইএছআই শিবিৰত প্ৰশিক্ষণ লৈছিল (Terrorist Afzal Guru)। অনুসন্ধানত এইটোও প্ৰকাশ পাইছিল যে সংসদৰ আক্ৰমণত নিহত ৫টা সন্ত্ৰাসবাদী পাকিস্তানী নাগৰিক আছিল । তেতিয়াৰ পৰাই ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কত যথেষ্ট উত্তেজনা আছে । উচ্চতম ন্যায়ালয়ে আফজল গুৰুক আক্ৰমণৰ বাবে দোষী সাব্যস্ত কৰিছিল আৰু মৃত্যুদণ্ড দিছিল ।

লগতে পঢ়ক :Phase out 2000 rupee notes; 2000 টকাৰ নোট বাতিল কৰক : ৰাজ্যসভাত দাবী বিজেপি সাংসদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.