ড্ৰাগছৰ বিৰুদ্ধে সজাগতা : ছত্তীশগড়ৰ পৰা চাইকেলেৰে মৰিয়নীত উপস্থিত যুৱক

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 8:05 PM IST

thumbnail

যোৰহাট, 31 জানুৱাৰী : ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে এজন যুৱকৰ বিশেষ পদক্ষেপ ৷ নিচাযুক্ত দ্ৰব্য তথা ড্ৰাগছ আৰু অপৰাধ প্ৰৱণতাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে ছত্তীশগড়ৰ পৰা চাইকেলেৰে যোৰহাটত উপস্থিত হ’ল এজন যুৱক ৷  

ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অনাৰ লক্ষ্যৰে ছত্তীশগড়ৰ পৰা এই যুৱকজনে চাইকেলেৰে সমগ্ৰ দেশ ভ্ৰমণ কৰিছে ৷ ইতিম্যধ্যে হেমকুমাৰ আজাদ নামৰ এই যুৱকজন চাইকেলেৰে 21 খন ৰাজ্য যাত্ৰা কৰি আজি যোৰহাটৰ মৰিয়নীত উপস্থিত হয় ৷ 

উল্লেখ্য যে, দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো একাংশ যুৱক-যুৱতী ড্ৰাগছৰ কৰাল গ্ৰাসত পৰা পৰিলক্ষিত হৈছে ৷ চৰকাৰ তথা প্ৰশাসনে ৰাজ্যজুৰি ড্ৰাগছৰ প্ৰচলন তথা সৰবৰাহ বন্ধ কৰিবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এতিয়াও গোপনে চলি আছে নিষিদ্ধ ড্ৰাগছৰ বেহা ৷ চৰকাৰ তথা প্ৰশাসনৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তিগতভাৱেও বহু লোকে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰি আহিছে ৷  

লগতে পঢ়ক : সামৰণি পৰিল অসম ভাওনা সমাৰোহ-২০২৪

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.