ETV Bharat / state

সামৰণি পৰিল অসম ভাওনা সমাৰোহ-২০২৪

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 6:06 PM IST

Bhaona Samaroh in Majuli: আউনীআটি সত্ৰৰ মণিকাঞ্চন ৰংগক্ষেত্ৰত অনুষ্ঠিত হোৱা সদৌ অসম ভাওনা সমাৰোহ 2024 ৰ সামৰণি ৷ আউনীআটী সত্ৰৰ উদ্যোগত প্ৰদান কৰি অহা শংকৰদেৱ গৱেষণা বঁটা আউনীআটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ ডম্বৰুধৰ নাথক প্ৰদান কৰা হয় ৷

Bhaona Samaroh in Majuli
সদৌ অসম ভাওনা সমাৰোহ
অসম ভাওনা সমাৰোহ 2024 ৰ সামৰণি

মাজুলী, 31 জানুৱাৰী : 18 জানুৱাৰীৰ পৰা 13 দিনীয়াকৈ মাজুলীৰ আউনীআটি সত্ৰৰ মণিকাঞ্চন ৰংগক্ষেত্ৰত অনুষ্ঠিত হোৱা সদৌ অসম ভাওনা সমাৰোহ 2024 ৰ মঙলবাৰে সফল সামৰণি পৰে ৷ সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত মুঠ 24 টা দলে অংশগ্ৰহণ কৰে ৷

এই প্ৰতিযোগিতাৰ সামৰণিৰ পিচতে আয়োজক কমিটিয়ে ঘোষণা কৰে ভাওনা সমাৰোহৰ ফলাফল ৷ ফলাফল অনুসৰি শ্ৰেষ্ঠ ভাওনা দল আমগুৰিৰ মণিকাঞ্চন ভাওনা দলে পৰিৱেশন কৰা কুমাৰ হৰণ, দ্বিতীয় শ্ৰেষ্ঠ ভাওনা দল নাজিৰাৰ শংখ ধ্বনি শিল্পী সমাজৰ ৰঘুকুলমণি, তৃতীয় শ্ৰেষ্ঠ ভাওনা দল যোৰহাটৰ শ্ৰীমন্ত শংকৰ-মাধৱ গোষ্ঠীৰ যযাতিৰ জড়া প্ৰাপ্তি, পুৰুৰ ৰাজ অভিষেক, চতুৰ্থ স্থান মাজুলীৰ বৃন্দাবন যুৱ শিল্পী সমাজৰ কচ দেৱযানী, পঞ্চম স্থান উষাপুৰ, দুলীয়াজনৰ শংখ ধ্বনি নাট্য গোষ্ঠীৰ অতনুৰ তনু লাভ ৷

ইফালে ষষ্ঠ স্থান লাভ কৰে নামনি মাজুলীৰ সিন্ধুৰা শিল্পী সমাজে পৰিৱেশন কৰা কেশী মৰ্দন, পুৰুৰবা উপাখ্যানে ৷ সপ্তম স্থান লাভ কৰে নিলিখ সুদৰ্শন নাট্য গোষ্ঠীয়ে পৰিৱেশন কৰা ৰোচনাৰ সমন্বয়, ৰুক্মবীৰৰ মুক্তিলাভ ৷ পুৰস্কাৰপ্ৰাপ্ত সকলোকে মঙলবাৰে অনুষ্ঠিত হোৱা মুকলি সভাতেই উদযাপন সমিতিৰ সভাপতি তথা সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীয়ে বঁটা প্ৰদান কৰে ৷

আনহাতে আউনীআটী সত্ৰৰ উদ্যোগত প্ৰদান কৰি অহা "শংকৰদেৱ গৱেষণা বঁটা" আউনীআটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ ডম্বৰুধৰ নাথক সত্ৰাধিকাৰ তথা উদযাপন সমিতিৰ সভাপতি ড৹ পীতাম্বৰ দেৱ গোস্বামীয়ে প্ৰদান কৰে ৷ এই সভাতেই মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰীয়া প্ৰভাত বৰা বুঢ়াভকতক "ভাওনা ৰত্ন" আৰু দীনেশ শইকীয়াক "ভাওনা মহীয়ান" বঁটা প্ৰদান কৰা হয় ৷ আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামী আৰু ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে প্ৰদান কৰে এই বঁটা ৷

লগতে পঢ়ক : আজিৰে পৰা অসম সাহিত্য সভাৰ চাৰিদিনীয়া একাদশ বিশেষ অধিৱেশন আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.