আজিৰে পৰা অসম সাহিত্য সভাৰ চাৰিদিনীয়া একাদশ বিশেষ অধিৱেশন আৰম্ভ
Assam Sahitya Sabha: বুধবাৰৰ পৰা পাঁচোৰজা সমন্বয় ক্ষেত্ৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম সাহিত্য সভাৰ চাৰিদিনীয়া একাদশ বিশেষ অধিৱেশন । পুৱা আঁহতগুৰিৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰে আৰম্ভ হয় অধিৱেশনখনি । লোকাৰণ্য় হৈ পৰে বাৰপূজীয়াৰ পাঁচোৰজা সমন্বয় ক্ষেত্ৰ ।

Published : January 31, 2024 at 2:05 PM IST
মৰিগাঁও,৩১ জানুৱাৰী: চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক মন্ত্ৰৰে মৰিগাঁৱৰ বাৰপূজীয়া পাঁচোৰজা সমন্বয় ক্ষেত্ৰত আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম সাহিত্য সভাৰ চাৰিদিনীয়া একাদশ বিশেষ অধিৱেশন । পুৱা আঁহতগুৰিৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসম সাহিত্য সভাৰ সভাপতি-সম্পাদকে । ইয়াৰ পিছতে বাৰপূজীয়াৰ পাঁচোৰজা সমন্বয় ক্ষেত্ৰত নামঘৰত বন্তি প্ৰজ্বলন কৰা হয় ।
লগে লগে সমন্বয় ক্ষেত্ৰৰ দ্বাৰ উন্মোচন, গ্ৰন্থমেলা, বাণিজ্য মেলা, প্ৰতিনিধি শিবিৰ মুকলি, মে-ডাম-মে-ফি, ভোজন কক্ষ আদি মুকলি কৰা হয় । পৰম্পৰাগত সাজ পৰিধান কৰি লোকাৰণ্য় হৈ পৰে বাৰপূজীয়াৰ পাঁচোৰজা সমন্বয় ক্ষেত্ৰ । সাহিত্য় সভাৰ চাৰিদিনীয়া একাদশ বিশেষ অধিৱেশনত উপস্থিত থাকি অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাই আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ।
অসম সাহিত্য সভাক বিশ্বমুখী কৰাৰ লক্ষ্যৰে অসম সাহিত্য সভাই ইতিমধ্যে আমেৰিকা, ইংলেণ্ডত অসম সাহিত্য সভাৰ শাখা মুকলি আৰু অসমীয়া সাহিত্যক ইংৰাজী লৈ অনুবাদৰ জৰিয়তে বিশ্বমুখী কৰাৰ চেষ্টা অব্যাহত ৰখোৱা বুলি সদৰী অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাই । বাৰপূজীয়া অধিৱেশনৰ জৰিয়তে এই ক্ষেত্ৰত অধিক পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰি লগতে তেওঁ কয় যে অসমীয়া ভাষাৰ গ্ৰন্থসমূহ বিভিন্ন ভাষাত অনুবাদ কৰি পঢ়ুৱৈ সমাজক দিয়াৰ বাবে এক চিন্তা-চৰ্চা ইতিমধ্য়ে কৰা হৈছে ।
ইয়াৰ বিপৰীতে বাৰপূজীয়া বিশেষ অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰীয়ে সকলোকে বাৰপূজীয়া অধিবেশন সাফল্য মণ্ডিত কৰিবৰ বাবে সকলো শ্ৰেণীৰ ৰাইজক আহ্বান জনাই । অসম সাহিত্য সভাৰ কুৰি সহস্ৰাধিক সাহিত্য প্ৰতিনিধিক আদৰিবলৈ সাজু হৈছে আদৰণি সমিতিৰ বিষয়ববীয়া ।
লগতে পঢ়ক: ডিব্ৰুগড়ত দিহানাম পৰিৱেশনেৰে বিশ্ব অভিলেখ সৃষ্টি

