ETV Bharat / state

ডিব্ৰুগড়ত দিহানাম পৰিৱেশনেৰে বিশ্ব অভিলেখ সৃষ্টি

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 6:53 PM IST

World record by performing Dihanam: হাজাৰ হাজাৰ আই-মাতৃৰ দিহানাম পৰিৱেশনেৰে বিশ্ব অভিলেখ । হাজাৰ হাজাৰ আয়তী-নামতিৰ নামেৰে মুখৰিত হ'ল ডিব্ৰুগড়ৰ কোটোহা নাওজান খেলপথাৰ । দিহানাম পৰিৱেশনেৰে OFFICIAL WORLD RECORD, EUROPE শীৰ্ষক বিশ্ব অভিলেখ সৃষ্টি কৰে প্ৰায় ২০,০০০ নামতিয়ে ।

World record set by performing Dihanam in Dibrugarh
ডিব্ৰুগড়ত দিহানাম পৰিৱেশনেৰে বিশ্ব অভিলেখ সৃষ্টি

ডিব্ৰুগড়ত দিহানাম পৰিৱেশনেৰে বিশ্ব অভিলেখ সৃষ্টি

ডিব্ৰুগড়,৩০ জানুৱাৰী: ৰাজ্য চৰকাৰৰ উদ্যোগত বিহুৰ বিশ্ব অভিলেখৰ পাছত এইবাৰ সদৌ অসম শংকৰ-মাধৱ সাংস্কৃতিক সমিতিৰ উদ্যোগত কোটোহা নাওজান খেলপথাৰত দিহানাম পৰিৱেশন কৰি বিশ্ব অভিলেখ । উজনি অসমৰ কেইবাখনো জিলাৰ প্ৰায় ২০,০০০ আইমাতৃসকলৰ দিহানাম পৰিৱেশনেৰে OFFICIAL WORLD RECORD, EUROPE শীৰ্ষক বিশ্ব অভিলেখ সৃষ্টি কৰে ।

ৰাজ্যত চাৰি স্থানত মুঠ ৬০ হাজাৰ নামতিৰে দিহানাম পৰিৱেশন কৰি বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য সদৌ অসম শংকৰ-মাধৱ সাংস্কৃতিক সমিতিৰ । ইতিমধ্যে যোৱা ২৮ জানুৱাৰীত কামৰূপ জিলাৰ সোণাপুৰত প্ৰথম পৰ্যায়ৰ দিহানাম পৰিৱেশনৰে বিশ্ব অভিলেখ গঢ়াৰ পিছত মঙলবাৰে দ্বিতীয় পৰ্যায়ত ডিব্ৰুগড় জিলাৰ কোটোহা নাওজান খেলপথাৰত দিহানাম পৰিৱেশন কৰি বিশ্ব অভিলেখ গঢ়ে ।

অহা ৩ ফেব্ৰুৱাৰীত সৰভোগত আৰু ৪ ফেব্ৰুৱাৰীত নগাঁৱৰ হোজাইত বিশ্ব অভিলেখৰ উদ্দেশ্যে আই-মাতৃসকলে দিহানাম পৰিৱেশন কৰিব বুলি এই কথা জানিবলৈ দিয়ে উদ্যোক্তাসকলে । উল্লেখ্য যে সদৌ অসম শংকৰ-মাধৱ সাংস্কৃতিক সমিতিৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত কেইবাটাও মাহ ধৰি অনুশীলন চলিছিল ।

ইয়াৰ মাজতে এই অনুষ্ঠানক লৈ বহু বিতৰ্কৰ সৃষ্টি হৈছিল । দিহানামৰ বিশ্ব ৰেকৰ্ডৰ নামত ধন আত্মসাৎ কৰা অভিযোগ উত্থাপন হৈছিল সদৌ অসম শংকৰ-মাধৱ সাংস্কৃতিক সমিতিৰ বিৰুদ্ধে । সকলো বিতৰ্কৰ মাজত আজি কোটোহা নাওজান খেলপথাৰত “OFFICIAL WORLD RECORD, EUROPE” কৰ্তৃপক্ষৰ নিৰীক্ষকৰ উপস্থিতিতি হাজাৰ হাজাৰ আইমাতৃৰ দিহানাম পৰিৱেশনৰ নান্দনিক দৃশ্যই আপ্লুত কৰে সকলোকে । ইফালে এই অভিলেখ গঢ়াক লৈ আনন্দিত হৈ পৰিছে উদ্যোক্তাসকলৰ লগতে পৰিৱেশন কৰা নামতিসকল ।

লগতে পঢ়ক: জোনাই কেন্দ্রীয় সার্বজনীন নামঘৰৰ সোণালী জয়ন্তী উদযাপন, প্ৰদৰ্শন মহিলাৰ ভাওনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.