ETV Bharat / state

জোনাই কেন্দ্রীয় সার্বজনীন নামঘৰৰ সোণালী জয়ন্তী উদযাপন, প্ৰদৰ্শন মহিলাৰ ভাওনা

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 5:04 PM IST

Jonai Bhaona: জোনাই কেন্দ্রীয় সার্বজনীন নামঘৰৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত প্ৰথমবাৰৰ বাবে মহিলাসকলে ভাওনা প্ৰদৰ্শন কৰে । কেৱল মহিলাসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা কুৰুসন্ধ্যা ভাওনা চোৱাৰ উদ্দেশ্যে ভক্তৰ অসংখ্য ভিৰ ।

Jonai Namghar golden jubilee
জোনাই কেন্দ্রীয় সার্বজনীন নামঘৰৰ সোণালী জয়ন্তী উদযাপন

জোনাই কেন্দ্রীয় সার্বজনীন নামঘৰৰ সোণালী জয়ন্তী উদযাপন

জোনাই, ৩০ জানুৱাৰী : অসম-অৰুণাচল সীমান্তৰ জোনাই মহকুমাস্থিত জোনাই কেন্দ্রীয় সার্বজনীন নামঘৰত ৰাইজৰ সহযোগত তিনিদিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী উৎসৱ উদযাপনৰ সোমবাৰে সফল সামৰণি পৰে ৷ পুৱা নাম-প্ৰসংগৰ পাছতে জোনাই কেন্দ্রীয় সার্বজনীন নামঘৰ প্ৰাংগণত আই মাতৃসকলে দিহা নাম পৰিৱেশন কৰে । ইফালে লোক সংস্কৃতিৰ সাধক দিহানামৰ সম্রাট কমলা গগৈয়ে পৰিৱেশন কৰা দিহানামে ভক্তপ্ৰাণ ৰাইজক মোহিত কৰে ।

ইয়াৰ পিচতে স্মৃতিগ্ৰন্থ উন্মোচন কৰে জোনাই বিজ্ঞান মহাবিদ্যালয় অধ্যক্ষ ড৹ ৰাজেশ্বৰ পেগুৱে ৷ স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সম্পাদক অতুল হাজৰিকাই আঁতধৰা স্মৃতিগ্ৰন্থ উন্মোচন অনুষ্ঠানৰ সভাপতিত্ব কৰে স্মৃতিগ্রন্থ সম্পাদনা সমিতিৰ সভানেত্রী সুখলতা ফুকন গগৈয়ে ।

সোণালী জয়ন্তী উৎসৱৰ উৎযাপন সমিতিৰ সভাপতি দেৱ কুমাৰ গগৈয়ে সভাপতিত্ব কৰা মুকলি সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে অৰুণাচল প্রদেশ পূব চিয়াং সমষ্টিৰ সাংসদ তাপিৰ গাৱৰ সহ ধৰ্মিনী ডুই গাৱ । লগতে মূর্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দীপক কুমাৰ দলেয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে । অনুষ্ঠানত টিএমপিকে কেন্দ্রীয় সমিতিৰ উপদেষ্টা ৰাজ কুমাৰ মৰাঙে গুৰুজনাৰ সৃষ্টিৰাজীৰ বিষয়ে আলোকপাত কৰি বক্তব্য প্ৰদান কৰে ৷

ইয়াৰ উপৰিও ভাৰতীয় জনতা পার্টিৰ পূৱ জোনাই মণ্ডলৰ সভাপতি আদিত্য বৰুৱাও উপস্থিত থাকে । অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল মহিলাৰ দ্বাৰা প্ৰদৰ্শন কৰা ভাওনা । সন্ধিয়া ৭ বজাত জোনাই উদয়পুৰৰ নৱ গগৈৰ পৰিয়ালবৰ্গই আগবঢ়োৱা জোনাই কেন্দ্রীয় সার্বজনীন নামঘৰৰ মহিলা শিল্পীসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় 'কুৰুসন্ধ্যা' শীৰ্ষক ভাওনা । এই বিশেষ ভাওনাৰ শুভ উদ্বোধন কৰে মূৰ্কংচেলেক মহাবিদ্যালয় দর্শন বিভাগৰ সহকাৰী অধ্যাপিকা ড৹ প্রান্তিকা শর্মাই ৷ উল্লেখ্য যে নামঘৰৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে প্ৰথমবাৰ বাবে মহিলাৰ ভাওনা প্ৰদৰ্শন কৰা হয় ।

লগতে পঢ়ক :মেৰবিল উৎসৱ-২০২৪ ৰ সামৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.