ETV Bharat / state

মেৰবিল উৎসৱ-২০২৪ ৰ সামৰণি

Merbil Festival 2024: পৰ্যটনৰ বাবে নতুন সম্ভাৱনা কঢ়িয়াই সামৰণি পৰিল মেৰবিল উৎসৱ-২০২৪ । প্ৰথমবাৰৰ বাবে মেৰবিল উৎসৱত বিভিন্ন শিতানত প্ৰদান কৰা হয় বঁটা । যাদৱ পায়েং, ভাস্কৰ জ্যোতি মহন্তক জনৰত্ন মেৰবিল বঁটা । ৰঞ্জিত কুমাৰ বুঢ়াগোহাঁইক হিতৈষী প্ৰাণ মেৰবিল বঁটা প্ৰদান ।

Merbil Festival-2024 Concluded Naharkatia
মেৰবিল উৎসৱ-২০২৪ ৰ সামৰণি
author img

By ETV Bharat Assamese Team

Published : January 30, 2024 at 1:45 PM IST

2 Min Read
Choose ETV Bharat
মেৰবিল উৎসৱ-২০২৪ ৰ সামৰণি

নাহৰকটীয়া,৩০ জানুৱাৰী: অপূৰ্ব নৈসৰ্গিক শোভাৰে সমৃদ্ধ মহিমামণ্ডিত, নাহৰকটীয়াৰ চাচনী মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পৰ উদ্যোগত আৰু অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত ২৭ জানুৱাৰীৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা মেৰবিল উৎসৱ ২০২৪ৰ সোমবাৰে সামৰণি পৰে ।

পৰিৱেশ নিকাকৰণ আৰু পতাকা উত্তোলনেৰে মেৰবিল উৎসৱ ২০২৪ ৰ পাতনি মেলাৰ পিছতেই মেৰবিল পৰ্যটন প্ৰকল্পস্থলীৰ জলকোঁৱৰ সেৱাস্থলীত মাংগলিক অনুষ্ঠান, বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা, বাণিজ্য মেলা, থলুৱা খাদ্যমেলা,ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা, পৰিৱেশ সম্পৰ্কীয় আলোচনা চক্ৰ আদি অনুষ্ঠিত হয় । মেৰবিল উৎসৱ ২০২৪ত প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা হয় কেইবাটও বঁটা ।

সামাজিক দায়বদ্ধতাকে ধৰি সমাজৰ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়োৱা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক বিভিন্ন বঁটা আগবঢ়োৱা এই কাৰ্যসূচীত বিশিষ্ট পৰিৱেশ সংৰক্ষক, পদ্মশ্ৰী অৰণ্য মানৱ যাদৱ পায়েং আৰু অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তক জনৰত্ন মেৰবিল বঁটা আগবঢ়োৱাৰ লগতে হিতৈষী প্ৰাণ মেৰবিল বঁটা প্ৰদান কৰা হয় জয়পুৰ উন্নয়ন খণ্ডৰ জ্যেষ্ঠ খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত কুমাৰ বুঢ়াগোহাঁই, অইলৰ মুখ্য মহাপ্ৰবন্ধক (জনসম্পৰ্ক) দেৱশীষ বৰা আৰু মহাপ্ৰবন্ধক (মানৱ সম্পদ) ত্ৰিদিব হাজৰিকাক ।

একেদৰে বিশিষ্ট চিকিৎসক ডাঃ নবীন চন্দ্ৰ মালাকাৰক জনসেৱা মেৰবিল বঁটা আগবঢ়োৱাৰ লগতে শ্ৰী শ্ৰী চলিহা বাৰেঘৰ সত্ৰৰ সত্ৰাধিকাৰ গজেন মহন্ত আৰু মৰণোত্তৰভাৱে প্ৰয়াত ৰামেশ্বৰ বড়া, প্ৰয়াত বিশ্বেশ্বৰ দত্ত আৰু প্ৰয়াত প্ৰভাত চাংমাইলৈ আগবঢ়োৱা হয় সমাজ হিতৈষী মেৰবিল বঁটা । মেৰবিল উৎসৱৰ আটাইকেইটা দিনত পৰ্যটক তথা ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰা পৰিলক্ষিত হয় ।

উল্লেখযোগ্য যে, নাহৰকটীয়াৰ চাচনী মৌজাৰ মাজমজিয়াত ১৫৫০ বিঘা মাটি আৰু পানীত অৱস্থিত অৰণ্যবৃত্ত মাজুলী সদৃশ এক ভূখণ্ড । বিভিন্ন জৈৱ বৈচিত্ৰময় প্ৰাকৃতিক সম্পদৰে ভৰপূৰ এই মেৰবিলতেই ২০১০ চনত চাচনীবাসীৰ ঐকান্তিক প্ৰচেষ্টাত স্থাপন হৈছিল মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্প । দেশী-বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ এই মেৰবিলতেই দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হ'ল মেৰবিল মহোৎসৱ ।

লগতে পঢ়ক: চিৰাঙত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উদযাপন