ETV Bharat / state

চিৰাঙত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উদযাপন

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 10:56 PM IST

National Road Safety Month : চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত পথ সুৰক্ষা সজাগতা অনুষ্ঠান ৷ বাসুগাঁও মহাবিদ্যালয়ত অনুষ্ঠিত হয় এই অনুষ্ঠান ৷

National Road Safety Month
পথ সুৰক্ষা সজাগতা অনুষ্ঠান
চিৰাঙত পথ সুৰক্ষা সজাগতা সভা

চিৰাং, 29 জানুৱাৰী : চিৰাঙৰ বাসুগাঁও মহাবিদ্যালয়ত সাংসদ-বিধায়কৰ উপস্থিতিত চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত পথ সুৰক্ষা সজাগতা অনুষ্ঠান ৷ ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ- 2024 উপলক্ষে অনুষ্ঠিত হয় এই গুৰুত্বপূৰ্ণ সভা ৷ বাসুগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জিত চন্দ্ৰ মুছাহাৰীৰ সঞ্চালনাত অনুষ্ঠিত এই সভাত উদ্বোধনী ভাষণ প্ৰদান কৰে চিৰাং জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱে ৷

ভাষণৰ আৰম্ভণিতে তেখেতে চিৰাং জিলাৰ পালেংবাৰী হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী ছফিয়া বেগমে প্ৰধানমন্ত্ৰীৰ সৈতে পৰীক্ষা পে চৰ্চা অনুষ্ঠানত অংশগ্ৰহণ কৰি মত বিনিময়ৰ সুবিধা লাভ কৰিছে বুলি সদৰী কৰে ৷ তেখেতে ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি কয় যে যুৱ প্ৰজন্মৰ বাবে পথ সুৰক্ষা গুৰুত্ব সহকাৰে লৈ চৰকাৰে সজাগতাৰ ব্যৱস্থা কৰিছে ৷ দুৰ্ঘটনাত যাতে কোনো এজন সু-নাগৰিকক হেৰুৱাব লগীয়া নহয় সেয়ে পথ সুৰক্ষাৰ বিষয়টো গুৰুত্ব সহকাৰে মানিবলৈ সকলোকে অনুৰোধ জনায় তেওঁ ৷

জিলাখনৰ অতিৰিক্ত উপায়ুক্ত ফিৰদৌছ আলম শ্বেখে কয় যে চৰকাৰে পথ সুৰক্ষাৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ বহল ভিত্তিত সজাগতাৰ ব্যৱস্থা কৰিছে ৷ পথ সুৰক্ষাৰ জ্ঞান নথকাৰ বাবে কোনো ধৰণৰ ভয়ংকৰ ক্ষতিৰ সন্মুখীন হ’বলগীয়া যাতে নহয় তাৰ বাবে এই কাৰ্যসূচী হাতত লোৱা হৈছে বুলি কয় তেওঁ ৷ সেয়েহে বাহন চলোৱাৰ পূৰ্বে প্ৰয়োজনীয় নথি-পত্ৰৰ লগতে পথ সুৰক্ষাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰি বাহন লৈ পথত ওলোৱাৰ বাবে পৰামৰ্শ আগবঢ়ায় অতিৰিক্ত উপায়ুক্তজনে ৷

জিলা সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰশ্মিৰেখা শৰ্মাই কয় যে পথ সুৰক্ষা আপোনাৰো সুৰক্ষা ৷ ইয়াক পালন নকৰা সকলক আৰক্ষীয়ে জৰিমনা বিহে ৷ কিন্ত জৰিমনা দিবলগীয়া হয় কিয় ? আৰক্ষীৰ ভয়তে বহুতে হেলমেট পিন্ধে ৷ গতিকে আৰক্ষীৰ ভয়ত নহয় নিজৰ জীৱনৰ সুৰক্ষাৰ বাবেহে হেলমেট পৰিধান কৰিবলৈ আহ্বান জনায় তেওঁ ৷ ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে সভাত পথ সুৰক্ষা সন্দৰ্ভত বিতং ভাৱে বুজাই কয় ৷ চিদলী সমষ্টীৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে পথ সুৰক্ষা সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে ৷ জিলা পৰিবহন বিষয়া দেৱজিত দত্তই পৰিবহন বিভাগৰ পথ সুৰক্ষা সন্দৰ্ভত যাৱতীয় আইন আৰু ইয়াক উলংঘা কৰিলে আইনগতভাৱে দণ্ডনীয় হয় আৰু জৰিমনা কিমান হয় সেই বিষয়ে বিতং তথ্য অৱগত কৰে ৷

লগতে পঢ়ক : নিৰ্মাণ শ্ৰমিক কল্যাণ আইন অনুসৰি প্ৰাপ্য অধিকাৰৰ দাবীক লৈ বিক্ষোভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.