দুলীয়াজানৰ নাওহলীয়াত নাৰী সৰবৰাহকাৰী চক্ৰ উৎখাত - Adivasi Student Association

🎬 Watch Now: Feature Video

thumbnail
দুলীয়াজানৰ নাওহলীয়াত নাৰী সৰবৰাহকাৰী চক্ৰ উৎখাত (undefined)

By ETV Bharat Assamese Team

Published : March 2, 2024 at 7:55 PM IST

1 Min Read
Choose ETV Bharat

মৰাণ,২ মাৰ্চ : ৰাজ্যৰ ভিন্ন প্ৰান্তত নাৰী তথা মানৱ সৰবৰাহৰ ঘটনা অব্যাহত আছে । ইয়াৰ মাজতে দুলীয়াজানৰ নাওহলীয়াত নাৰী সৰবৰাহকাৰী চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছে আৰক্ষী । দীৰ্ঘদিনৰ পৰা এই চক্ৰটোৱে চাহ বাগিচাৰ একাংশ কিশোৰীক চাকৰিৰ প্ৰলোভনেৰে চুবুৰীয়া অৰুণাচল প্ৰদেশলৈ সৰবৰাহ কৰি আহিছিল বুলি অভিযোগ উঠিছে । পিচত কিশোৰীসকলক বিভিন্ন ভয়-ভাবুকিৰে বনকৰা কামৰ লগতে অন্যান্য কামত নিয়োজিত কৰি আহিছে ।

এনে দুষ্টচক্ৰৰ কবলৰ পৰা শেহতীয়াকৈ দুলীয়াজানৰ নাওহলীয়াৰ এগৰাকী কিশোৰীয়ে পলায়ন কৰি অৰুণাচলৰ ইটানগৰ আৰক্ষী থানাত আশ্ৰয় লৈছিল । তাৰ পিচতে এই ঘটনা পোহৰলৈ আহিছিল । আদিবাসী ছাত্ৰ সন্থাই আৰক্ষীক এই ক্ষেত্ৰত ব্যৱস্থা লোৱাৰ বাবে বিভিন্ন ধৰণে দাবী জনাই আহিছিল আৰু অৱশেষত আৰক্ষীয়ে নাৰী সৰবৰাহকাৰী চক্ৰটো উৎখাত কৰিবলৈ সক্ষম হয় ।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এগৰাকী মহিলা আৰু এজন যুৱকক আটক কৰিছে । দুয়োকে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । ইফালে আদিবাসী ছাত্ৰ সন্থাই দাবী কৰা মতে এতিয়াও কেইবাগৰাকী কিশোৰী অৰুণাচল প্ৰদেশত আবদ্ধ হৈ আছে ।

লগতে পঢ়ক :সুদলৈ লৈছিল 1 লাখ টকা, সুদখোৰক এতিয়ালৈকে দিছে 7 লাখৰো অধিক

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details