দুলীয়াজানৰ নাওহলীয়াত নাৰী সৰবৰাহকাৰী চক্ৰ উৎখাত

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 7:55 PM IST

thumbnail

মৰাণ,২ মাৰ্চ : ৰাজ্যৰ ভিন্ন প্ৰান্তত নাৰী তথা মানৱ সৰবৰাহৰ ঘটনা অব্যাহত আছে । ইয়াৰ মাজতে দুলীয়াজানৰ নাওহলীয়াত নাৰী সৰবৰাহকাৰী চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছে আৰক্ষী । দীৰ্ঘদিনৰ পৰা এই চক্ৰটোৱে চাহ বাগিচাৰ একাংশ কিশোৰীক চাকৰিৰ প্ৰলোভনেৰে চুবুৰীয়া অৰুণাচল প্ৰদেশলৈ সৰবৰাহ কৰি আহিছিল বুলি অভিযোগ উঠিছে । পিচত কিশোৰীসকলক বিভিন্ন ভয়-ভাবুকিৰে বনকৰা কামৰ লগতে অন্যান্য কামত নিয়োজিত কৰি আহিছে ।

এনে দুষ্টচক্ৰৰ কবলৰ পৰা শেহতীয়াকৈ দুলীয়াজানৰ নাওহলীয়াৰ এগৰাকী কিশোৰীয়ে পলায়ন কৰি অৰুণাচলৰ ইটানগৰ আৰক্ষী থানাত আশ্ৰয় লৈছিল । তাৰ পিচতে এই ঘটনা পোহৰলৈ আহিছিল । আদিবাসী ছাত্ৰ সন্থাই আৰক্ষীক এই ক্ষেত্ৰত ব্যৱস্থা লোৱাৰ বাবে বিভিন্ন ধৰণে দাবী জনাই আহিছিল আৰু অৱশেষত আৰক্ষীয়ে নাৰী সৰবৰাহকাৰী চক্ৰটো উৎখাত কৰিবলৈ সক্ষম হয় ।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এগৰাকী মহিলা আৰু এজন যুৱকক আটক কৰিছে । দুয়োকে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । ইফালে আদিবাসী ছাত্ৰ সন্থাই দাবী কৰা মতে এতিয়াও কেইবাগৰাকী কিশোৰী অৰুণাচল প্ৰদেশত আবদ্ধ হৈ আছে ।

লগতে পঢ়ক :সুদলৈ লৈছিল 1 লাখ টকা, সুদখোৰক এতিয়ালৈকে দিছে 7 লাখৰো অধিক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.