ETV Bharat / state

সুদলৈ লৈছিল 1 লাখ টকা, সুদখোৰক এতিয়ালৈকে দিছে 7 লাখৰো অধিক

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 5:20 PM IST

Illegal Moneylender: এক লাখ টকা সুদলৈ লৈ এই পৰ্যন্ত সুদখোৰক দিলে 7 লাখ টকাৰো অধিক ৷ তদুপৰি এপদ এপদকৈ হেৰুৱাইছে সম্পদ ৷ তাৰ পিচতো সুদখোৰৰ ব্লেকমেইলিং ৷ এজন যুৱকক সৰ্বস্বান্ত হ’ল সুদখোৰৰ বাবেই ৷

Illegal Moneylender Assam
এক লাখ টকা সুদলৈ লৈ সৰ্বস্বান্ত হ’ল এগৰাকী যুৱক

এক লাখ টকা সুদলৈ লৈ সৰ্বস্বান্ত হ’ল এগৰাকী যুৱক

যোৰহাট, 1 মাৰ্চ: মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যজুৰি সুদখোৰৰ বিৰুদ্ধে অভিযান অব্যাহত আছে । শেহতীয়াকৈ সুদখোৰৰ বিৰুদ্ধে আৰক্ষীক অধিক কঠোৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে যদিও সুদখোৰৰ আতংক, ভয়-ভাবুকি, ব্লেকমিলিং বৰ্তমানো অব্যাহত আছে ।

সুদখোৰৰ আতংক আৰু ভয়-ভাবুকিত এজন যুৱকে শিৱসাগৰ জিলাৰ নামটিত থকা দোকান বন্ধ কৰি যোৰহাটত বিগত চাৰিদিন ধৰি আত্মগোপন কৰিবলগীয়া হৈছে ৷ ঘটনা অনুসৰি গোলাঘাটৰ এজন যুৱকে পত্নীৰ চাকৰি সূত্ৰে থাকে শিৱসাগৰ জিলাৰ নামতিত ৷ নামতিতেই তেওঁ এখন দোকান খোলে আৰু ব্যৱসায়ৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহৰ বাবে ২০২১ চনত নামতি কুকুৰাচোৱাৰ প্ৰশান্ত বৰুৱা নামৰ এটা সুদখোৰৰ পৰা ১৫ শতাংশ সুদত ধাৰে লৈছিল ১ লাখ টকা ।

পৰৱৰ্তী সময়ত অধিক টকা লৈছিল যুৱকজনে । সুদ পৰিশোধ কৰিব নোৱাৰিলে সেই ধন পুনৰ মূলৰ লগত যোগ কৰি কৰি মূলধন চাৰিলাখ কৰে সুদখোৰটোৱে ৷ অনলাইনযোগে যুৱকজনে প্ৰায় ৭ লাখ টকা দিয়াৰ উপৰিও নগদ কেইবা লক্ষ টকা দিয়ে ৷ তাৰ পিচতো সুদখোৰটোৱে যুৱকজনৰ দোকানৰ পৰা সামগ্ৰী উঠাই নিয়াৰো অভিযোগ উত্থাপিত হৈছে ৷ ফলত সুদখোৰটোৰ বাবেই দেউলীয়া হ’ল যুৱকজন ।

কিন্তু শেহতীয়াকৈ সুদখোৰ প্ৰশান্ত বৰুৱাই মূলধন বুলি আৰু চাৰিলাখ টকা দাবী কৰি যুৱকজনক ফোন-মেছেজযোগে ভাবুকি দি আছে । 20 খনকৈ খালি চেক ৰাখি চুক্তিত যুৱকজনৰ লগতে পত্নীৰো পৰা চহী কৰাই ৰাখিছে সুদখোৰটোৱে ৷

ইয়াতেই ক্ষান্ত নাথাকি চেক বাউন্স কৰাই পত্নীৰ চাকৰি খোৱাৰ ভাবুকি দিছে সুদখোৰ প্ৰশান্ত বৰুৱাই । যাৰ বাবে ভুক্তভোগী যুৱকজনে পত্নী আৰু মাতৃক ঘৰত এৰি যোৰহাটত আত্মগোপন কৰি সংবাদ মাধ্যমৰ লগতে অধিবক্তাৰ সহায় বিচাৰিছে ।

উল্লেখ্য যে ঘটনা সন্দৰ্ভত যুৱকজনে ২৮ নৱেম্বৰত শিৱসাগৰ আৰক্ষী অধীক্ষকৰ ওচৰত এখন এজাহাৰ দাখিল কৰিছে ৷ এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে যুৱকজনে ৷

লগতে পঢ়ক: মটৰ চাইকেল বন্ধকত থৈ টকা সুদত লৈ বিপদত যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.