মটৰ চাইকেল বন্ধকত থৈ টকা সুদত লৈ বিপদত যুৱক

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 7:43 PM IST

thumbnail

জনিয়া, 29 ফেব্ৰুৱাৰী : মাতৃৰ চিকিৎসাৰ বাবে টকা সুদত লৈ বিপদত পৰিছে এজন যুৱক । ছাইদুল ইছলাম নামৰ যুৱকজনে নিজৰ মটৰ চাইকেল বন্ধকত থৈ মাতৃৰ চিকিৎসাৰ বাবে ৩০ হেজাৰ টকা লৈছিল সুদত । সুদখোৰ দেলবৰ হুছেইনক সুদসহ ৩২,৫০০ টকা ঘূৰাই দিয়াৰ পিচতো গাড়ীৰ বাবদ এতিয়া ৫০ হেজাৰ টকা দাবী কৰাৰ অভিযোগ তুলিছে যুৱকজনে । বন্ধকত ৰখা মটৰ চাইকেল ঘূৰাই নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে সুদখোৰ দেলবৰ হুছেইনৰ বিৰুদ্ধে ।

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালাৰপাথাৰ গাঁৱৰ ছাইদুল ইছলাম নামৰ যুৱকজনে শৰিয়তপুৰ গাঁৱৰ দেলবৰ হুছেইন নামৰ সুদখোৰৰ পৰা মাতৃৰ চিকিৎসাৰ বাবে টকা সুদত লৈছিল । সুদখোৰ দেলবৰ হুছেইনে কম বয়সীয়া যুৱকজনৰ AS 15W 6208 নম্বৰৰ Yamaha FZ মটৰ চাইকেলখন বন্ধকত ৰাখি ৩০ হেজাৰ টকা সুদত দিয়ে । পৰৱৰ্তী সময়ত সুদসহ ৩২,৫০০ টকা ঘূৰাই দিয়াৰ পিচতো সুদখোৰ দেলবৰ হুছেইনে আৰু ৫ হেজাৰ টকা সুদ হিচাপে দাবী কৰে ।

ইফালে, যুৱকজনে বন্ধকত ৰখা মটৰ চাইকেল ঘূৰাই বিচৰাত সুদখোৰ দেলবৰে মটৰ চাইকেলখন ৫০ হেজাৰ টকাত কিনি লোৱা বুলি দাবী কৰে যদিও ভুক্তভোগী ছাইদুল ইছলামে গাড়ীখন বিক্ৰী কৰা নাই বুলি জানিবলৈ দিয়ে । ছাইদুল ইছলামে গাড়ীখন উদ্ধাৰ কৰাৰ বাবে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে । উল্লেখ্য যে, সুদখোৰৰ বিৰুদ্ধে অসম আৰক্ষীয়ে তীব্ৰ অভিযান চলাই আছে । তেনে সময়তে কলগাছিয়াৰ এই ঘটনা পোহৰলৈ অহাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ছাইদুল ইছলামে ন্যায় পাবনে নাই সেয়া এতিয়া কোটিটকীয়া প্ৰশ্ন ?

লগতে পঢ়ক : মাজুলীত সুদৰ ধন দাবী কৰা দম্পত্তিক আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.