মাজুলীত সুদৰ ধন দাবী কৰা দম্পত্তিক আটক

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 12:03 PM IST

thumbnail

মাজুলী,২৯ ফেব্ৰুৱাৰী: মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পাছতে ৰাজ্যৰ বিভিন্ন জিলাই জিলাই আটক হৈছে সুদখোৰ । সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে সুদলৈ দি থোৱা টকা ঘূৰাই বিচাৰি দাবী কৰোতেই মাজুলীত আটক হ'ল স্বামী-স্ত্ৰী । কমলাবাৰী চাৰিআলিত পোহৰলৈ আহিছে এই ঘটনা । জেংৰাইমুখ থানা অন্তৰ্গত এগৰাকী মহিলাই সুদত ধন দিয়াৰ অভিযোগ উত্থাপন হৈ আহিছিল । এজন দোকানীক সুদলৈ দিয়া ধন ওভতোৱাৰ দাবী কৰিছিল মহিলাগৰাকীয়ে ।  

ধন দাবী কৰাৰ সময়তে দোকানীজনে মাজুলী আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষীয়ে আটক কৰে মহিলাগৰাকীৰ স্বামীক । স্বামীক আটক কৰাৰ লগে লগে ওলাই পৰে উৰহীৰ ওৰ । তাৰ পাছতে মহিলাগৰাকীক জেংৰাই আৰক্ষীয়ে জেংৰাই অঞ্চলৰ পৰা আটক কৰি গতাই দিয়ে মাজুলী আৰক্ষী থানাক । আৰক্ষীয়ে মহিলাগৰাকীৰ বাসগৃহৰ পৰা দুখন পাচবুক, এখন চেকবুকৰ লগতে দুখন উকা দলিল জব্দ কৰে ।  

লগতে পঢ়ক: হাতীগাঁৱত আৰক্ষীৰ জালত আটক সুদখোৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.