হাতীগাঁৱত আৰক্ষীৰ জালত আটক সুদখোৰ

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 3:01 PM IST

thumbnail

গুৱাহাটী,২৭ ফেব্ৰুৱাৰী: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিছতে সুদখোৰৰ বিৰুদ্ধ অধিক তৎপৰ হৈছে অসম আৰক্ষী । সুদখোৰৰ বিৰুদ্ধে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে ইটোৰ পিছত সিটোকৈ সুদখোৰক । ৰাজ্যৰ ভিন্ন প্রান্তৰ সমান্তৰালকৈ মঙলবাৰৰ দিনটোত মহানগৰীৰ হাতীগাঁও সিজুবাৰীত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে এটা সুদখোৰক । সিজুবাৰীৰ শৰাইঘাট ছ'চাইটি নামৰ কাৰ্যালয়ত এই অভিযান চলায় হাতীগাঁও আৰক্ষীয়ে ।  

মঙলবাৰে সন্ধিয়াৰ পৰা নিশালৈ চলা অভিযান কালত ২০২২ চনৰ পৰাই চলাই থকা প্রতিষ্ঠানটোত শৰাইঘাট ছ'চাইটিৰ ৪৩০খন পাছবুক, ৬ খন উকা দলিল, প্রায় ৩৫ খন উকা চেক, দুটা কম্পিউটাৰ, এটা টকা গণিব পৰা মেচিন, টকা সংগ্ৰহৰ ৰচিদ আৰু বিভিন্ন নথি-পত্র জব্দ কৰা হয় । উল্লেখযোগ্য যে জাকিৰ হুছেইন নামৰ গ্ৰেপ্তাৰ হোৱা লোকজনে চলাই আছিল এই প্রতিষ্ঠানটো । প্রায় ৬০ লক্ষাধিক টকা বছৰি প্রায় ১৫ ৰ পৰা ১৮ শতাংশ সুতত বিভিন্ন লোকক প্রতিষ্ঠানটোৱে ঋণ দিছিল ।  

ইফালে এই ছ'চাইটিত জাকিৰ হুছেইনে সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ বিপৰীতে আন কেইবাজনো লোক জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । একপ্ৰকাৰ বেংকসদৃশ কাম কৰি যোৱা ছ'চাইটিটোৰ আঁৰত আন কোনো শক্তিশালী লোক জড়িত থাকিব পাৰে বুলিও সন্দেহ কৰিছে আৰক্ষীয়ে । ঘটনা সন্দর্ভত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে হাতীগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক:  সুদৰ বিনিময়ত টকা ধাৰে লোৱা লোকক সকাহ প্ৰদান ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.