হাতীগাঁৱত আৰক্ষীৰ জালত আটক সুদখোৰ - Drive Against Private Money Lender

🎬 Watch Now: Feature Video

thumbnail
হাতীগাঁৱত আৰক্ষীৰ জালত আটক সুদখোৰ (undefined)

By ETV Bharat Assamese Team

Published : February 28, 2024 at 3:01 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী,২৭ ফেব্ৰুৱাৰী: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিছতে সুদখোৰৰ বিৰুদ্ধ অধিক তৎপৰ হৈছে অসম আৰক্ষী । সুদখোৰৰ বিৰুদ্ধে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে ইটোৰ পিছত সিটোকৈ সুদখোৰক । ৰাজ্যৰ ভিন্ন প্রান্তৰ সমান্তৰালকৈ মঙলবাৰৰ দিনটোত মহানগৰীৰ হাতীগাঁও সিজুবাৰীত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে এটা সুদখোৰক । সিজুবাৰীৰ শৰাইঘাট ছ'চাইটি নামৰ কাৰ্যালয়ত এই অভিযান চলায় হাতীগাঁও আৰক্ষীয়ে ।  

মঙলবাৰে সন্ধিয়াৰ পৰা নিশালৈ চলা অভিযান কালত ২০২২ চনৰ পৰাই চলাই থকা প্রতিষ্ঠানটোত শৰাইঘাট ছ'চাইটিৰ ৪৩০খন পাছবুক, ৬ খন উকা দলিল, প্রায় ৩৫ খন উকা চেক, দুটা কম্পিউটাৰ, এটা টকা গণিব পৰা মেচিন, টকা সংগ্ৰহৰ ৰচিদ আৰু বিভিন্ন নথি-পত্র জব্দ কৰা হয় । উল্লেখযোগ্য যে জাকিৰ হুছেইন নামৰ গ্ৰেপ্তাৰ হোৱা লোকজনে চলাই আছিল এই প্রতিষ্ঠানটো । প্রায় ৬০ লক্ষাধিক টকা বছৰি প্রায় ১৫ ৰ পৰা ১৮ শতাংশ সুতত বিভিন্ন লোকক প্রতিষ্ঠানটোৱে ঋণ দিছিল ।  

ইফালে এই ছ'চাইটিত জাকিৰ হুছেইনে সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ বিপৰীতে আন কেইবাজনো লোক জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । একপ্ৰকাৰ বেংকসদৃশ কাম কৰি যোৱা ছ'চাইটিটোৰ আঁৰত আন কোনো শক্তিশালী লোক জড়িত থাকিব পাৰে বুলিও সন্দেহ কৰিছে আৰক্ষীয়ে । ঘটনা সন্দর্ভত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে হাতীগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক:  সুদৰ বিনিময়ত টকা ধাৰে লোৱা লোকক সকাহ প্ৰদান ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details