সুদৰ বিনিময়ত টকা ধাৰে লোৱা লোকক সকাহ প্ৰদান ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ
Assam CM against Private money lenders: পহিলা ফেব্ৰুৱাৰীৰ পৰা বৰ্তমান পৰ্যন্ত ৰাজ্যত মুঠ 141 জন সুদখোৰ গ্ৰেপ্তাৰ ৷ অভিযান চলি থকাৰ সময়তে বিপদৰ সময়ত সুদৰ বিনিময়ত টকা ধাৰে লোৱা লোকে সুদখোৰক টকা ঘূৰাই দিব নালাগে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে ৷

Published : February 25, 2024 at 12:45 PM IST
গুৱাহাটী, 25 ফেব্ৰুৱাৰী : ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুদখোৰৰ বিৰুদ্ধে অভিযান অব্যাহত । এই অভিযানত এজনৰ পিচত আনজন সুদখোৰ আৰক্ষীৰ জালত পৰিছে । চৰকাৰী তথ্য অনুসৰি, পহিলা ফেব্ৰুৱাৰীৰ পৰা বৰ্তমান পৰ্যন্ত মুঠ 141 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।
ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত সুদখোৰৰ বিৰুদ্ধে চলা এই তীব্ৰতৰ অভিযানত নগদ ধনৰ লগতে বিভিন্ন নথি-পত্ৰ, অলংকাৰ আৰু বাহন আদিও জব্দ কৰা হৈছে । উল্লেখ্য যে, বিপদৰ সময়ত সুদৰ বিনিময়ত টকা ধাৰে লোৱা লোকে সুদখোৰক টকা ঘূৰাই দিব নালাগে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে ।

ৰাজ্যজুৰি সুদখোৰৰ বিৰুদ্ধে অসম আৰক্ষীয়ে চলাই থকা অভিযানৰ মাজতে এই বৃহৎ ঘোষণা কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই । এখন ৰাজহুৱা সভাত ভাষণ দি শুকুৰবাৰে মুখ্যমন্ত্রী ড° শর্মাই সুদখোৰৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিবলগীয়া কঠোৰ সিদ্ধান্তৰ বিষয়ে ৰাইজে দুই-এদিনতে জানিব পাৰিব বুলি মন্তব্য কৰে ।
ভাষণ প্রসংগত মুখ্যমন্ত্রীগৰাকীয়ে কয়, "নতুনকৈ এটা কামত লাগিছো । সুদত যে টকা ধাৰে দিয়ে, এনে সুদখোৰসকলৰ দোকান মই বন্ধ কৰিব বিচাৰিছো । সুদখোৰে মানুহক 100 টকা ধাৰে দিয়ে, মাহত 20 টকা বোলে সুদেই দিব লাগে ।"
অসমত এইটো এটা নতুন কৌশল আৰম্ভ হৈ গ'ল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে পুনৰ কয়, "কোনে কি ৰিচাৰ্ছ কৰি এইবোৰ উলিয়াই থাকে । দুখীয়া মানুহক অত্যাচাৰ কৰিবলৈ সুদখোৰক দিয়া নহ'ব ৷ সেই কাৰণে এতিয়া আমি সুদখোৰৰ পিচত লাগি আছো । দুদিন পিচত সুদত লোৱা টকা ঘূৰাই দিব নালাগে বুলি টিভিত পাবই ।"
সুদত লোৱা ধনৰ পৰা ভুক্তভোগী ৰাইজ মুক্ত হৈ যাব বুলি উল্লেখ কৰি 100 টকা ধাৰে লৈ 20-30 টকা সুদ দিব লগা হোৱা কথাটো ঠিক নহয় বুলি মন্তব্য কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয়, "আমি অসমখনক অলপ 'ছিষ্টেমেটিক' কৰিব লাগিব । ভাল কৰিবই লাগিব । ইয়াৰ এটা ব্যৱস্থা আমি কৰি আছো ।"
লগতে পঢ়ক: ধেমাজিত সুদখোৰ আটক

