আলফা স্বাধীনৰ নামত ব্যৱসায়ীত ধমক দি আৰক্ষীৰ জালত দুই ভুৱা আলফা কেডাৰ - Two fake ULFA cadres arrested

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 3:15 PM IST

thumbnail

মৰাণ, 5 এপ্ৰিল : লোকসভা নিৰ্বাচনক লৈ সকলো ৰাজনৈতিক দল ব্যস্ত থকাৰ সমান্তৰালভাৱে আৰক্ষীৰ প্ৰশাসনে শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ভিন্ন পদক্ষেপ হাতত লৈছে । তেনে সময়তে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ডিব্ৰুগড় জিলাৰ লাহোৱাল আৰক্ষী থানাৰ নতুন বচাপথাৰ গাঁৱৰ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীক আলফাৰ নামত ভুৱা ফোন কৰি ধন দাবী কৰাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে । 

ঘটনাৰ বিৱৰণী অনুসৰি নতুন বচাপথাৰ গাঁৱৰ যুৱ ব্যৱসায়ী অৰুণ গোহাঁইলৈ বুধবাৰে আলফাৰ নামত 8135823581 এই নম্বৰৰ পৰা প্ৰথমে ফোন আহে ৷ ফোনত আলফা কেডাৰৰ এটা দলে ব্যৱসায়ীগৰাকীক লগ কৰিবলৈ বিচাৰে বুলি কয় ৷ লগতে কয় যে তেওঁলোকে লগ কৰি ব্যৱসায়ীগৰাকীৰ পৰা কিবা এটা অৰ্থাৎ ধন বিচাৰিব ৷

ফোন কলটোৰ পিচতে অৰুণ গোহাঁইয়ে লাহোৱাল আৰক্ষীৰ কাষ চাপি সকলো কথা বিৱৰি কয় ৷ অৰুণ গোহাঁইয়ে দিয়া অভিযোগ অনুসৰি বৃহস্পতিবাৰৰ নিশা ফিল'বাৰী আৰু ঢলা কপাতলিৰ পৰা ইছমাইল নাগ আৰু সঞ্জয় ৰায় নামৰ দুজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধা-পোছা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: বিপজ্জনক হৈ পৰিছে স্মাৰ্টফোনৰ ওপৰত নিৰ্ভৰশীলতা, ডিপ্ৰেছন আহে লাহে লাহে - smartphone addiction and depression

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.