অসম নগৰ প্ৰশাসনিক সেৱাৰ বিষয়াৰ প্ৰশিক্ষণ কাৰ্যসূচীত মন্ত্ৰী অশোক সিংহল

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 11:02 PM IST

thumbnail

গুৱাহাটী ৪ মাৰ্চ : সোমবাৰে গুৱাহাটীত অনুষ্ঠিত হয় অসম নগৰ প্ৰশাসনিক সেৱাৰ সদ্য নিযুক্তিপ্ৰাপ্ত বিষয়াসকলৰ বাবে এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী । অসম চৰকাৰৰ গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই প্ৰশিক্ষণ কাৰ্যসূচী । 

গুৱাহাটী মহানগৰীৰ বেতকুছিস্থিত ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত আনুষ্ঠানিকভাৱে এই প্ৰশিক্ষণ কাৰ্যসূচী শুভাৰম্ভণি কৰে অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলে । অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহল, গুৱাহাটী উন্নয়ন বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভন প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি । 

এই অনুষ্ঠানতে নিযুক্তিপ্ৰাপ্ত বিষয়াসকলৰ স'তে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে । লগতে চাকৰি জীৱন আৰম্ভ কৰিয়ে কাৰ্যালয়ৰ বৰবাবুৰ পাকচক্ৰত নোসোমাই সৎ পথেৰে কাম কৰি যোৱাৰো আহ্বান জনায় মন্ত্ৰী অশোক সিংহলে ।

লগতে পঢ়ক :সশস্ত্ৰ সংগ্ৰামৰ পৰা ৰাজনৈতিক সংগ্ৰামলৈ সুৰেশ বৰাৰ যাত্ৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.