অসম-মেঘালয় সীমান্তৱৰ্তী লাম্পীত ধুমুহাৰ তাণ্ডৱ, গৃহহীন অৰ্ধ শতাধিক পৰিয়াল - Severe Storm wreaks havoc in Lampi

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 9:06 PM IST

thumbnail

বকো, 1 এপ্ৰিল : প্ৰচণ্ড ধুমুহা-বৰষুণত অসম-মেঘালয় সীমান্তৱৰ্তী বকোৰ লাম্পী অঞ্চলত বিস্তৰ ক্ষতিসাধন ৷ দেওবাৰে বিয়লিৰ পৰা হোৱা ধুমুহাত বৃহত্তৰ লাম্পী অঞ্চলৰ অৰ্ধ শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰৰ বিস্তৰ ক্ষতিসাধন হয় ৷

এই ধুমুহাত ঘৰ ভাগি পৰি দুজনকৈ লোক আঘাতপ্ৰাপ্ত হয় ৷ নিশাই আঘাতপ্ৰাপ্ত দুয়োজনক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় ৷ ইফালে ধুমুহাত গৃহহীন হোৱা প্ৰায় 180 গৰাকী লোকক দুটাকৈ আশ্ৰয় শিবিৰত ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷ লাম্পীৰ মাকৈবাৰী আৰু ল’ৱাৰ লাম্পীত স্থাপন কৰা হৈছে এই আশ্ৰয় শিবিৰ দুটা ৷

ইফালে ঘটনাস্থলীত উপস্থিত হৈ ভুক্তভোগী সকলৰ কাষত বকো ৰাজহ চক্ৰৰ বিষয়াৰ লগতে উপস্থিত হৈছে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য অৰ্জুন চেত্ৰী আৰু কাৰ্যবাহী সদস্য সুমিত ৰাভা ৷ 

লগতে পঢ়ক : ৰাজ্যজুৰি ধুমুহা-শিলাবৃষ্টিৰ তাণ্ডৱ ; গড়ভাঙা বনাঞ্চলত আৱদ্ধ পৰ্যটক - Rain And Hailstorm In Assam

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.