নোপোৱাৰ বেদনাতকৈ পাই হেৰুওৱাৰ বেদনা অধিক : ৰামানুজনৰ অধ্যক্ষ - Assam HS Result 2024

By ETV Bharat Assamese Team

Published : May 9, 2024, 10:41 AM IST

thumbnail
উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা (ETV BHARAT ASSAM)

নগাঁও, 9 মে’ : ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত প্ৰথমবাৰৰ বাবে ঘোষণা হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ৷ স্থানবিহীন উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নগাঁৱৰ ৰামানুজন চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ দিলীপ বৰাই ৷ বিগত কেইবাবছৰ ধৰি বিজ্ঞান অথবা কলা শাখাত শীৰ্ষ স্থান দখল কৰি অহা ৰামানুজন চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত এইবাৰ নাই পূৰ্বৰ দৰে উৎসৱমুখৰ পৰিৱেশ ৷

ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত ঘোষণা কৰা এই ফলাফলক বিদ্যালয় কৰ্তৃপক্ষই আদৰণি জনাইছে যদিও নোপোৱাৰ বেদনাতকৈ পাই হেৰুওৱাৰ বেদনা অধিক যন্ত্ৰদায়ক বুলি মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে ৷ সৰ্বভাৰতীয় পর্যায়ত ফেৰ মাৰিব পৰাকৈ ছাত্ৰ-ছাত্ৰীয়ে কেনেদৰে অধ্যয়ন কৰিব লাগিব, অধ্যক্ষগৰাকীয়ে সেয়াও প্ৰকাশ কৰিলে সাংবাদিকৰ আগত ৷ চাওক আমাৰ এই প্ৰতিবেদন ৷

লগতে চাওক : ইতিহাস হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শীৰ্ষ স্থানৰ প্ৰসংগ; স্থান প্ৰাপক অবিহনে ওলাল ফলাফল - Assam HS Result 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.