লোকসভা টিকট লাভৰ পিচত প্ৰদান বৰুৱাৰ প্ৰতিক্ৰিয়া

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 8:24 PM IST

thumbnail

ধেমাজি, 3 মাৰ্চ: শনিবাৰে ভাৰতীয় জনতা পাটীয়ে লোকসভা নিৰ্বাচনৰ প্ৰথমখন তালিকা প্ৰকাশ কৰে ৷ অসমৰ ১১টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা তালিকাখনত প্ৰত্যাশিতভাৱেই ১৪ নং লখিমপুৰ লোকসভা সমষ্টিত পুনৰ প্ৰদান বৰুৱাকে প্ৰদান কৰিলে বিজেপিৰ প্ৰাৰ্থিত্ব ৷

ইয়াৰ পিচতে ধেমাজিত দলীয় কৰ্মী-সমৰ্থকসকলৰ মাজত আনন্দ জোঁৱাৰ উঠে ৷ শনিবাৰে নিশাৰে পৰা ঠায়ে ঠায়ে উষ্ম আদৰণি জনায় প্ৰদান বৰুৱাক ৷ দেওবাৰে দিনৰ ভাগতো প্ৰদান বৰুৱাৰ বাসগৃহত উপস্থিত হৈ দলীয় কৰ্মীয়ে আদৰণি জনায় ৷  দলীয় কৰ্মীৰ মতে এইবাৰ তেওঁক প্ৰত্যাহ্বান জনাব পৰা কোনো এজন বিৰোধী শক্তি উত্থান ঘটা নাই ৷  

ইপিনে প্ৰাৰ্থিত্ব লাভ কৰি প্ৰথম প্ৰতিক্ৰিয়া হিচাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায় প্ৰদান বৰুৱাই ৷ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মিলনৰ জৰিয়তে বিজেপিয়ে জনসাধাৰণক সহায় কৰিবৰ বাবে সুযোগ পাইছে বুলি মন্তব্য কৰে প্ৰদান বৰুৱাই ৷ তদুপৰি তেওঁ কয় যে লখিমপুৰ লোকসভা সমষ্টিত যোগাযোগ আৰু আৰ্থ সামাজিক ক্ষেত্ৰত যথেষ্ট উন্নয়ন হৈছে ৷

লগতে পঢ়ক: কোন হ’ব বৰপেটা-ধুবুৰীৰ প্ৰাৰ্থী: আলোচনা হৈয়েই আছে অগপৰ মজিয়াত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.