ETV Bharat / politics

কোন হ’ব বৰপেটা-ধুবুৰীৰ প্ৰাৰ্থী: অগপৰ মজিয়াত আলোচনা অব্যাহত

author img

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 6:52 PM IST

Updated : Mar 3, 2024, 10:07 PM IST

AGP in Lok Sabha Election: অগপই প্ৰতিদ্বন্দিতা কৰিবলগীয়া আসন দুখনৰ সন্দৰ্ভত এতিয়াও কেৱল আলোচনাই হৈ আছে ৷ এই কথা জানিবলৈ দিছে দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ৷ দুয়োখন আসনৰ বাবে বহুকেইগৰাকী দাবীদাৰ থকা বুলিও কেশৱ মহন্তই জানিবলৈ দিছে ৷

AGP in Lok Sabha Election
AGP in Lok Sabha Election

বৰপেটা-ধুবুৰীৰ প্ৰাৰ্থীৰ সন্দৰ্ভত অগপৰ কাৰ্যকৰী সভাপতি

কলিয়াবৰ, 3 মাৰ্চ: বিজেপিৰ পৰা চাৰিখন আসন বিচাৰিছিল যদিও দুখনহে আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ দিলে মিত্ৰদল অগপক ৷ ইফালে শনিবাৰে বিজেপিয়ে ঘোষণা কৰিলে 11 খন আসনত প্ৰতিদ্বন্দিতা কৰিবলগীয়া প্ৰাৰ্থীৰ নাম ৷ কিন্তু প্ৰাৰ্থীৰ নামৰ প্ৰসংগত এতিয়াও আলোচনাই শেষ হোৱা নাই অগপৰ ৷

উল্লেখ্য যে কাজিৰঙা, বৰপেটা, ধুবুৰী আৰু কৰিমগঞ্জৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ মন আছিল অগপৰ ৷ কিন্তু বৰপেটা আৰু ধুবুৰী আসন দুখনহে অগপক এৰি দিলে বিজেপিয়ে ৷ ইফালে এই লোকসভা নিৰ্বাচনৰ জৰিয়তে এগৰাকী হ’লেও সাংসদ অগপৰ পৰা হোৱাটো বিচাৰিছে আঞ্চলিক দলটোৱে ৷

তথাপিও দলটোৱে দুই আসনত কাক প্ৰাৰ্থিত্ব দিব সেই লৈ এতিয়ালৈকে কোনো সিদ্ধান্ত দলীয় মজিয়াত হোৱা নাই । শনিবাৰেও এই সম্পৰ্কে অসম গণ পৰিষদৰ দলীয় সভাত আলোচনা হৈছে বুলি মন্তব্য কৰিছে দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ।

দলৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে জনোৱা অনুসৰি দুয়োখন আসনৰ বাবে কেবাগৰাকীও দাবীদাৰ আছে যদিও এতিয়াও দলে আনুষ্ঠানিকভাৱে কাকো প্ৰাৰ্থিত্ব দিয়া নাই । দলীয়ভাৱে হোৱা ঐক্যমতৰ ভিত্তিত দলে প্ৰাৰ্থিত্ব দিব বুলি মন্তব্য কৰিছে কেশৱ মহন্তই ৷

আনহাতে বৰপেটা লোকসভা সমষ্টিত এইবাৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে প্ৰতিদ্বন্দিতা কৰিব বুলি এক খবৰ ওলাইছে ৷ উক্ত খবৰৰ পিচতে বঙাইগাঁওবাসী অসন্তুষ্ট হৈ পৰা পৰিলক্ষিত হৈছে ৷ কিয়নো সমষ্টিবাসীয়ে কোনো কাৰণতে দিল্লীলৈ যাবলৈ নিদিয়ে তেওঁলোকৰ প্ৰিয় নেতা তথা 40 বছৰ বিধায়ক হিচাবে থকা ফণীভূষণ চৌধুৰীক ৷

সেই ফালৰ পৰা চাবলৈ গ’লে সমষ্টিবাসীক অসন্তুষ্ট কৰি 8 বাৰৰ বিধায়কগৰাকীক যে অগপই লোকসভা নিৰ্বাচনত অৱতীৰ্ণ কৰোৱাব তাত সন্দেহ আছে ৷ ইফালে ধুবুৰী সমষ্টিত শক্তিশালী বদৰুদ্দিন আজমলৰ বিৰুদ্ধে অগপই কাক অৱতীৰ্ণ কৰোৱাই দিল্লীৰ সপোন দেখিব সেয়াহে হ’ব লক্ষ্যণীয় ৷

লগতে পঢ়ক: চৌধুৰী-শুক্লবৈদ্যই এৰি যাব খোজা নাই আপোন মানুহখিনিক

Last Updated : Mar 3, 2024, 10:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.