তেজপুৰ মহকুমা কৃষি বিষয়া কাৰ্যালয়ত নাথাকে বিষয়া-কৰ্মচাৰী

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 4:00 PM IST

thumbnail

তেজপুৰ, 20 মাৰ্চ : অসম চৰকাৰে চৰকাৰী কৰ্মচাৰীৰ কৰ্ম-সংস্কৃতিৰ পৰিৱৰ্তন আৰু উন্নয়ন সাধন কৰাৰ সময়তে তেজপুৰৰ এটা আজৱ‌ চৰকাৰী কাৰ্যালয় । প্ৰতিদিনে বিভিন্ন প্ৰান্তৰ পৰা বহু লোক আহে আৰু যায় যি মন যায় তাকেই কৰি উভতি যায় । কাৰ্যালয়টো খোলা থাকে, কিন্ত নাথাকে কৰ্মচাৰী । তেজপুৰ চহৰৰ মাজমজিয়াত আছে মহকুমা কৃষি বিষয়াৰ কাৰ্যালয় । ইয়াতেই ফল-মূল সংৰক্ষণ কেন্দ্ৰ এটা আছে । য'ত ৰাইজে কম খৰচত জেলি, চ'চ চৰবত আদি প্ৰস্তুত কৰিব পৰে । সেইবাবে প্ৰতিদিনে মানুহ আহে কাৰ্যালয়টোলৈ ।

মঙলবাৰে পূৱা ১০ বজাৰ পৰা ১ বজালৈ অপেক্ষা কৰি এজনো কৰ্মচাৰীক লগ পোৱাৰ সৌভাগ্য নহ'ল । প্ৰতিদিনে হেনো এনেকৈয়ে চলে এই কাৰ্যালয়টো । বিভাগীয় মন্ত্ৰী আমোলাই কৰ্মচাৰী সকলক দূৰদূৰণিৰ পৰা অহা লোকক হাৰাশাস্তি নকৰিবলৈ আহ্বান জনাইছে ৷ কিন্ত এনেএকাংশ কৰ্মচাৰীৰ কৰ্ম সংস্কৃতিয়ে এতিয়া সচেতন নাগৰিকক স্তম্ভিত কৰিছে । কৃষি বিভাগৰ এই বিভাগটোৰ কৃষক ৰাইজে নিজে উৎপাদন কৰা ফচল আনি বিভিন্ন ধৰণৰ ৰাইজে কম খৰচত জাম, জেলি, চ'চ চৰ্বত আদি প্ৰস্তুত কৰি নিজৰ লগতে এক স্থানীয় ব্যৱসায় চলাই আহিছে ।

লগতে পঢ়ক:লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বৃদ্ধি পাইছে বিদেশী যাত্ৰীৰ সংখ্যা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.