লোকসভা নিৰ্বাচনত ‘কা'ৰ প্ৰভাৱ নপৰে: সাংসদ দিলীপ শইকীয়া

🎬 Watch Now: Feature Video

thumbnail
ওদালগুৰিত সাংসদ দিলীপ শইকীয়া (undefined)

By ETV Bharat Assamese Team

Published : March 14, 2024 at 10:49 PM IST

1 Min Read
Choose ETV Bharat

ওদালগুৰি, 14 মাৰ্চ: লোকসভা নিৰ্বাচনত ‘কা’বিৰোধী আন্দোলনৰ প্ৰভাৱ নপৰে । এই মন্তব্য লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ ৷ বৃহস্পতিবাৰে ওদালগুৰি জিলাৰ খালিংদুৱাৰ মণ্ডল বিজেপিৰ উদ্যোগত আয়োজিত আদৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰে সাংসদ তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই ৷

দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াই লোকসভা নিৰ্বাচনত এনডিএ অৰ্থাৎ নৰেন্দ্ৰ মোদীৰ পক্ষত পদুম ফুলৰ ছবিত অভিলেখ সংখ্যক ভোট লাভ কৰাৰ সংকল্প গ্ৰহণ কৰাৰ উদ্দেশ্যে বিজেপি দলৰ কাৰ্যকৰ্তা আৰু মিত্ৰজোঁটৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয় ৷ টংলাস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্মৃতিভৱন প্ৰাংগণত অনুষ্ঠিত বিজেপি, অগপ আৰু ইউপিপিএলৰ দলীয় কৰ্মীয়ে আদৰণি জনায় সাংসদগৰাকীক ৷ তিনিওটা দলৰ প্ৰতিনিধিয়ে ফুলাম আৰনাই, গামোচাৰে সম্বৰ্ধনা জনোৱা অনুষ্ঠানত আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ।

সভাত পাৰিষদ অৰ্পণা মেধি, ওদালগুৰি জিলা বিজেপিৰ সাধাৰণ সম্পাদক জয়কান্ত শৰ্মা, জোশ্ৰাং বড়ো, ওদালগুৰি জিলা অগপৰ সভাপতি যতীন ডেকা, সাধাৰণ সম্পাদক প্ৰমোদ হাজৰিকা, বিজেপিৰ নেতা সুজিত সৰকাৰ, শ্যামল দাস, যুৱনেতা অৰ্জুন দৈমাৰী, খালিংদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি সমৰেশ দাস, পুৰন্দিয়া ভিচিডিচিৰ অধ্যক্ষ অলংবাৰ কছাৰী, বনগাঁও ভিচিডিচিৰ অধ্যক্ষ শিৱ প্ৰসাদ বৰা, তিনিওটা দলৰ নেতা কৰ্মী মহিলা নেত্ৰী, কাৰ্যকৰ্তা উপস্থিত থাকে ।

বৈঠকৰ অন্তত লোকসভাৰ প্ৰাৰ্থী দিলীপ শইকীয়াই হৰি মন্দিৰত সেৱা লয় ।

লগতে পঢ়ক: কান্দি কান্দি কলিয়াবৰৰ ৰাইজে বিদায় দিলে গৌৰৱ গগৈক