ETV Bharat / politics

কান্দি কান্দি কলিয়াবৰৰ ৰাইজে বিদায় দিলে গৌৰৱ গগৈক

author img

By ETV Bharat Assamese Team

Published : Mar 14, 2024, 8:56 PM IST

Gaurav Gogoi at Koliabor : কলিয়াবৰৰ গৌৰী ভৱনত উপস্থিত হৈ দেৱী দুৰ্গাৰ সন্মুখত সেৱা লোৱাৰ লগতে দলীয় নেতা-কৰ্মীৰে মত বিনিময় কৰি সাংসদ গৌৰৱ গগৈৰ ৷ কথাৰে নহয় কামেৰে প্ৰত্যুত্তৰ দিব বুলি মন্তব্য সাংসদগৰাকীৰ ৷

Gaurav Gogoi at Kaliabor
দলীয় নেতা কৰ্মীৰে মত বিনিময় কৰি সাংসদ গৌৰৱ গগৈৰ

কলিয়াবৰৰ গৌৰী ভৱনত গৌৰৱ গগৈ

কলিয়াবৰ, 14 মাৰ্চ : "যোৰহাটত বিজেপি দলৰ যিমান নেতা আছে তেওঁলোকৰ বিৰুদ্ধে এটাও শব্দ নকওঁ ৷ যোৰহাটৰ ক্ষেত্ৰত তেওঁলোক মোতকৈ বেছি অভিজ্ঞ ৷ প্ৰত্যেকটো কথা মই গুৰুত্ব সহকাৰে মই শুনিম আৰু কথাৰে নহয় কামেৰে মই তাৰ প্ৰত্যুত্তৰ দিম ৷" এই মন্তব্য বৰ্তমানৰ সাংসদ তথা যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ ৷ আজি কলিয়াবৰত এক বিশেষ অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য কৰে সাংসদজনে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, আজি এক আবেগিক পৰিৱেশত সাংসদ গৌৰৱ গগৈক বিদায় দিলে কলিয়াবৰৰ একাংশ নেতা-কৰ্মীয়ে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত কলিয়াবৰ লোকসভা সমষ্টি বিলুপ্ত ঘটি কাজিৰঙা সমষ্টিৰ সৃষ্টি হোৱাত এইবাৰ যোৰহাট লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব সাংসদ গৌৰৱ গগৈয়ে ৷ সাংসদগৰাকী কলিয়াবৰৰ পৰা যোৰহাটলৈ যাবলৈ ওলোৱাৰ বাবে এতিয়া আবেগিক হৈ পৰিছে একাংশ কংগ্ৰেছ নেতা-কৰ্মী ৷ আজি এক আবেগিক পৰিৱেশত সাংসদগৰাকীক কান্দি কান্দি বিদায় দিলে কলিয়াবৰৰ একাংশ নেতা-কৰ্মীয়ে ৷

কলিয়াবৰলৈ আহিলে তেওঁৰ পিতৃৰ ছাঁ দেখা পায় বুলি কয় গৌৰৱ গগৈয়ে ৷ তেওঁ লগতে কয় যে, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে কংগ্ৰেছ দলটো যেনেদৰে শক্তিশালী ৰূপত আগবঢ়াই লৈ গৈছিল তেনেদৰে এতিয়াও আগবঢ়ায় লৈ যাব লাগিব ৷ 30 বছৰ কংগ্ৰেছৰ দুৰ্গ হৈ থকা কলিয়াবৰ সমষ্টিটো থান-বান কৰিবলৈ বিজেপি দলৰ যি চেষ্টা, সেই চেষ্টা দলে উফৰাবলৈ সক্ষম হ'ব বুলি কয় তেওঁ ৷ ইফালে কলিয়াবৰ সমষ্টি কাজিৰঙা হ'লেও কলিয়াবৰৰ প্ৰতি পূৰ্বৰ আন্তৰিকতা একেই থাকিব বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে ৷ তেওঁ কয় যে, কংগ্ৰেছত হাতৰ চিনতকৈ কোনো নেতা ডাঙৰ নহয় ৷ সেয়ে দলে যি দায়িত্ব দিছে সেই দায়িত্ব এগৰাকী কংগ্ৰেছ কৰ্মী হিচাপে সদায় পালন কৰি যাব বুলি কয় তেওঁ ৷

কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে, বৰ্তমানৰ নেতা-কৰ্মীসকলেই দলটো সদায় ধৰি থাকিব সেইটো নহয়, নৱপ্ৰজন্মৰ প্ৰতিনিধিসকলক দলৰ প্ৰতি আকৃষ্ট কৰাটো এতিয়া প্ৰধান কাম হোৱা উচিত ৷ যোৰহাট সমষ্টিৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'লেও কলিয়াবৰৰ সকলো সমষ্টিৰ সৈতে সম্বন্ধ অটুত ৰাখিব বুলি উল্লেখ কৰে তেওঁ ৷ লগতে যোৰহাট সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ বিৰুদ্ধে এটাও শব্দ নকয় বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে অসুস্থ বিজেপি নেতাজনৰ আশু আৰোগ্য কামনা কৰে ৷

উল্লেখ্য যে, আজি বিয়লি কলিয়াবৰৰ গৌৰী ভৱনত উপস্থিত হৈ দেৱী দুৰ্গাৰ সন্মুখত সেৱা লোৱাৰ লগতে দলীয় নেতা কৰ্মীৰে মত বিনিময় কৰি সাংসদ গৌৰৱ গগৈয়ে বিদায় লয় কলিয়াবৰৰ পৰা ৷ কলিয়াবৰৰ পৰা আঁতৰিলেও কলিয়াবৰৰ মানুহৰ মনত সদায় থকাৰ লগতে প্ৰতিটো সুখ-দুখত ৰাইজৰ কাষত ঠিয় দিব বুলি প্ৰতিশ্ৰুতি দিয়ে সাংসদ গৌৰৱ গগৈয়ে ৷

লগতে পঢ়ক : মই বিপক্ষ প্ৰাৰ্থীক কেতিয়াও দুৰ্বল বুলি গণ্য নকৰো : তপন কুমাৰ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.