ETV Bharat / politics

মই বিপক্ষ প্ৰাৰ্থীক কেতিয়াও দুৰ্বল বুলি গণ্য নকৰো : তপন কুমাৰ গগৈ

author img

By ETV Bharat Assamese Team

Published : Mar 14, 2024, 7:11 PM IST

MP Topon Kumar Gogoi
যোৰহাটত সাংসদ তথা লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ

MP Topon Kumar Gogoi: সকলো ৰাজনৈতিক দলৰে প্ৰাৰ্থী প্ৰক্ষেপৰ অধিকাৰ আছে ৷ বিপক্ষ প্ৰাৰ্থীক কেতিয়াও দুুৰ্বল বুলি ভাবিব নালাগে ৷ যোৰহাটবাসীয়ে বিজেপিৰ লগতে আছে বুলি মন্তব্য কৰিছে সাংসদ তথা যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে ৷

যোৰহাটত সাংসদ তথা লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ

যোৰহাট, ১৪ মাৰ্চ: বৃহস্পতিবাৰে যোৰহাটত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈয়ে কেবাটাও অভিলাষী আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ লগতে শুভাৰম্ভ কৰে । সেই অনুসৰি সাংসদগৰাকীয়ে আজি যোৰহাট প্ৰেছ ক্লাবত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুঠ দহটা প্ৰকল্পৰ আধাৰশিলা আৰু শুভাৰম্ভ কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

সাংসদগৰাকীয়ে যোৰহাট প্ৰেছ ক্লাবত দহখন ফলকৰ ৰঙাফিটা কাটি প্ৰকল্পসমূহৰ আধাৰশিলা আৰু শুভাৰম্ভ কৰে । যোৰহাট প্ৰেছ ক্লাবৰ সভাপতি অশোক কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আধাৰশিলা আৰু শুভাৰম্ভ অনুষ্ঠানৰ সভাত উপস্থিত থাকি সাংসদ তপন কুমাৰ গগৈয়ে কয় যে ৰাজ্য চৰকাৰে ৰাজ্যৰ উন্নয়নৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছে ।

সেই অনুসৰি সাংসদ পুঁজিৰ দ্বাৰা ৰাজ্যৰ সামাজিক সাংস্কৃতিক ক্ষেত্ৰৰ উত্তৰণৰ বাবে বহু আঁচনি হাতত লোৱা হৈছে । সেইদৰে যোৰহাট পৌৰসভাৰ অন্তৰ্গত এলেকাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ উত্তৰণৰ বাবে দহটাকৈ প্ৰকল্পৰ আধাৰশিলা আৰু উন্মোচন কৰি তেওঁ ধন্য হৈছে । বিজেপি চৰকাৰে এক বিকাশৰ যাত্ৰা আৰম্ভ কৰিছে আৰু তাক ৰাজ্যবাসীয়ে দেখি আছে ।

সমাগত লোকসভা নিৰ্বাচনত ৰাইজে বিজেপিৰ পক্ষত ভোট দিব আৰু পুনৰ নৰেন্দ্ৰ মোদী চৰকাৰ দেশত গঠন হ’ব বুলি মন্তব্য কৰে তপন কুমাৰ গগৈয়ে । আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সাংসদগৰাকীয়ে কয় যে যোৰহাট সমষ্টিত তেওঁৰ জয় নিশ্চিত আৰু সেই কথা যোৰহাট সমষ্টিৰ ৰাইজৰ পৰা তেওঁ জানিব পাৰিছে ।

বিপক্ষক কেতিয়াও দুৰ্বল বুলি নাভাবে বুলি মন্তব্য কৰি যোৰহাট সমষ্টিৰ বিজেপি পাৰ্থীগৰাকীয়ে কয় যে ৰাইজ তেওঁৰ লগতে আছে বুলি আশাবাদী । সাংসদগৰাকীয়ে মন্তব্য কৰে যে সকলো কামৰ বাবে আৱন্টিত ধনৰ প্ৰকৃত ব্যৱহাৰ হ’ব লাগে । ইয়াৰ জৰিয়তেহে বিকাশৰ যাত্ৰাই এক বিশেষ মাত্ৰা লাভ কৰিব ।

আজিৰ অনুষ্ঠানত সাংসদ তপন কুমাৰ গগৈয়ে নিজ সমষ্টি এলেকা উন্নয়ন পুঁজিৰ ২০২৩-২৪ বৰ্ষৰ অধীনত ১০ লাখ টকাৰে যোৰহাট প্ৰেছ ক্লাবৰ দ্বিতীয় মহলাৰ নিৰ্মাণ, ৫ লাখ টকাৰে যোৰহাটৰ অংকুৰ কলা কৃষ্টি কেন্দ্ৰৰ পুৰণি গৃহ নিৰ্মাণ, ১০ লাখ টকাৰে যোৰহাট স্নাতকোত্তৰ মহাবিদ্যালয়ৰ দুটা শ্ৰেণীকোঠা নিৰ্মাণ, ৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া জেইল ৰোড ক্লাবৰ প্ৰথম মহলৰ নিৰ্মাণ, ২ লাখ ৫০ হাজাৰ টকাৰে শংকৰজ্যোতি মহিলা সমিতিৰ কাৰ্যালয় গৃহ নিৰ্মাণ, ২ লাখ ৫০ হাজাৰ টকাৰে শংকৰজ্যোতি সৃষ্টি কেন্দ্ৰৰ প্ৰেক্ষাগৃহ নিৰ্মাণ, ৩ লাখ টকাৰ ব্যয় সাপেক্ষে জয়হিন্দ ক্লাবৰ উন্নয়নমূলক কাম, ১০ লাখ টকা ব্যয় সাপেক্ষে যোৰহাট কৰ্মচাৰী পৰিষদৰ দ্বিতীয় মহলাৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৷

ইয়াৰোপৰি তেওঁ যোৰহাটৰ কুশল কোঁৱৰ ইনড'ৰ ষ্টেডিয়ামৰ যোৰহাট জিলা বেডমিণ্টন সন্থাৰ খেলুৱৈৰ বাবে চিনথেটিক কোৰ্ট, ৫ লাখ টকাৰে নিৰ্মান কৰা যোৰহাট চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ কম্পিউটাৰ চেণ্টাৰৰ শুভাৰম্ভ কৰে ।

আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে যোৰহাট পৌৰসভাৰ পৌৰপতি লখিমী খাৰঘৰীয়া, যোৰহাটৰ বিধায়ক হিতেন গোস্বামী, জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতা, অসম ঔদ্যোগিক আৰু আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰীয়ে ।

লগতে পঢ়ক: এইবাৰ বিজেপিৰ চৰকাৰ আহিলে অসমত নাথাকিব এটাও কেঁচাঘৰ: ৰাজনাথ সিঙৰ প্ৰতিশ্ৰুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.