ETV Bharat / politics

এইবাৰ বিজেপিৰ চৰকাৰ আহিলে অসমত নাথাকিব এটাও কেঁচাঘৰ: ৰাজনাথ সিঙৰ প্ৰতিশ্ৰুতি

Rajnath Singh in Kokrajhar: পুনৰ বিজেপিৰ চৰকাৰ অহাৰ পিচত অসমত এটাও কেঁচা ঘৰ নাথাকিব ৷ এই প্ৰতিশ্ৰুতি ৰাজনাথ সিঙৰ ৷ বৃহস্পতিবাৰে কোকৰাঝাৰত এক বিশাল সভাত অংশগ্ৰহণ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৱৰ প্ৰতি সদায় বিশেষ সুদৃষ্টি দি আহিছে ৷

Rajnath Singh in Kokrajhar
কোকৰাঝাৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
author img

By ETV Bharat Assamese Team

Published : March 14, 2024 at 6:11 PM IST

|

Updated : March 14, 2024 at 6:51 PM IST

3 Min Read
Choose ETV Bharat

কোকৰাঝাৰ, ১৪ মাৰ্চ : কোকৰাঝাৰ লোকসভা সমষ্টিত বৃহস্পতিবাৰে বিজেপি-ইউপিপিএল আৰু অগপই নিৰ্বাচনী বজালে ৰণডংকা । কোকৰাঝাৰ গ্ৰীণ ফিল্ডত অনুষ্ঠিত বিশাল কৰ্মীসভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নিজৰ ভাষণ প্ৰসংগত কয় যে এইবাৰ এনডিএই ৪০০+ আসন লাভ কৰি চৰকাৰ গঠন কৰিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বতে যে এনডিএৰ চৰকাৰ হ’ব সেয়া ইতিমধ্যে বিশ্বই মানি লৈছে বুলি মন্তব্য কৰি বুথ পৰ্যায়ৰ পৰাই কৰ্মীসকলক শক্তিশালী হোৱাৰ আহ্বান জনায় ৰাজনাথ সিঙে ।

তেওঁ কয়, ‘‘ অগপ বিজেপি-ইউপিপিএল বুলি কোনো কথা নাই, সকলোৱে এনডিএৰ হৈ কাম কৰি অসমৰ ১৪খন লোকসভা আসনৰ ভিতৰত ১৪ খন আসনে এনডিএই পোৱাটো নিশ্চিত কৰিব লাগে ।’’ নিজৰ নাতিদীৰ্ঘ ভাষণত ৰাজনাথ সিঙে কয়, ‘‘দেশ নিৰ্মাণৰ বাবে আমি ৰাজনীতি কৰোঁ । এনডিএ শাসনত থাকিলে দেশৰ মান সদায় উচ্চস্থানত থাকিব আৰু আচলতে আমি সকলোৱে দেশ নিৰ্মাণৰ বাবে কাম কৰা উচিত ।’’

ক্ষুদ্ৰ মানসিকতা লৈ বৃহৎ কাম কৰিব নোৱাৰি বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই ৰাজনাথ সিঙে এনডিএই দিয়া প্ৰতিটো নিৰ্বাচনী প্ৰতিশ্ৰুতি আখৰে আখৰে ৰূপায়ণ কৰিছে বুলি দাবী কৰিছে ৷ আজি জন্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ উঠাই দিয়া হৈছে, দেশৰ পৰা তিনি তালাক উঠাই দিয়া হ'ল, দূৰ্নীতি- ভ্ৰষ্টাচাৰ বিজেপিয়ে সমাপ্ত কৰিলে বুলি মন্তব্য কৰি এনডিএই সদায় সমাজ গঠনৰ বাবে কাম কৰি আহিছে বুলি কয় দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ।

তেওঁ কয়, ‘‘ধৰ্মক লৈ বা হিন্দু-মুছলমানৰ বিভাজন আমি নানো, আমাৰ বাবে প্ৰতিগৰাকী মহিলাই মা বা ভনী আৰু সেয়েহে তিনি তালাক দেশৰ পৰা উঠাই দিয়া হ'ল ।’’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উচ্চ প্ৰশংসা কৰি ৰাজনাথ সিঙে কয়, ‘‘ভাৰতে আজি বিশ্বৰ ভিতৰতে লেখত ল’বলগীয়া স্থান দখল কৰিছে । বিশ্বই আজি ভাৰতক মানে আৰু ভাৰতে কি কয় সেয়া মন দি শুনে । ভাৰতে বিশ্বৰ কল্যাণৰ হকে কাম কৰি আহিছে, ভাৰতে ক’ভিড ভেকচিন তৈয়াৰ কৰিছে , চন্দ্ৰযান মিশ্যন সম্পন্ন কৰিছে ।’’

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলক সুকলমে বিজেপি চৰকাৰে উদ্ধাৰ কৰি আনিছে আনিছে বুলিও মন্তব্য কৰে ৰাজনাথ সিঙে । তদুপৰি তেওঁ কয় যে ত্ৰিপল ইঞ্জিনৰ চৰকাৰ চলি আছে আৰু অনাগত সময়ছোৱাত ভাৰতবৰ্ষই বিশ্বৰ ভিতৰত প্ৰথম স্থান দখল কৰিব ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৱৰ প্ৰতি সদায় বিশেষ সুদৃষ্টি দি আহিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো উচ্চ প্ৰশংসা কৰে ৰাজনাথ সিঙে ।

আনহাতে পানী, বিজুলী আদিকে ধৰি সকলো সমস্যা এনডিএ চৰকাৰে সমাধান কৰিছে আৰু এইবাৰ চৰকাৰ অহাৰ পিছত অসমত এটাও কেঁচা ঘৰ নাথাকিব বুলি প্ৰতিশ্ৰুতি দিয়ে ৰাজনাথ সিঙে । বিজেপি, ইউপিপিএল আৰু এজিপিৰ বিশাল কৰ্মীসভাখনত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, কোকৰাঝাৰ লোকসভা সমষ্টিৰ এনডিএ সমৰ্থিত ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী, বিধায়ক লৰেন্স ইছলাৰী, বিধায়ক জিৰণ বসুমতাৰী, ইউপিপিএলৰ পাৰিষদ মাধৱ ছেত্ৰী, বিজেপিৰ কাৰ্যবাহী সদস্য ৰেওৰেৱা নাৰ্জিহাৰীসহ বিজেপি, ইউপিপিএল আৰু এজিপিৰ কেইবাগৰাকী নেতৃবৰ্গ উপস্থিত থাকে ৷

লগতে পঢ়ক: ন্যায় যাত্ৰাত কোন আছিল ৰাহুল গান্ধীৰ বডী ডাবল ? নাম ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Last Updated : March 14, 2024 at 6:51 PM IST