চাঞ্চল্যকৰ ঘটনা: শুই থকা অৱস্থাতে উদ্ধাৰ মাতৃ-পুত্ৰৰ মৃতদেহ

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 11:58 AM IST

thumbnail

নলবাৰী, ২০ ফেব্ৰুৱাৰী : নলবাৰীত নিশা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় । নলবাৰী চহৰৰ বৰসৰকুছিত ঘৰৰ ভিতৰত উদ্ধাৰ হৈছে মাতৃ-পুত্ৰৰ মৃতদেহ । বাহিৰৰ পৰা দৰ্জাত তলা মৰা থকা অৱস্থাত বিচনাত উদ্ধাৰ হয় কবিতা হালৈ আৰু হৃষিকেশ কাশ্যপৰ মৃতদেহ । বিশেষভাৱে সক্ষম আছিল হৃষিকেশ কাশ্যপ । পোন্ধৰ বছৰীয়া হৃষিকেশ কাশ্যাপৰ কালি আছিল ওপজা দিন । নলবাৰী চহৰৰ বৰসৰকুছিত সংঘটিত হৈছে এই ঘটনা ।

স্বামীয়ে পত্নী আৰু পুত্ৰক হত্যা কৰাৰ সন্দেহ কবিতা হালৈৰ আত্মীয়ৰ । কিয়নো বিশেষভাৱে সক্ষম পুত্ৰৰ চিকিৎসাক লৈ অতীষ্ঠ হোৱাৰ আশংকা কৰিছে আত্মীয়ই । আনহাতে এই ঘটনাৰ পিচত দৰ্জা বাহিৰৰ পৰা তলা লগাই পলাতক হৈ আছে স্বামী জগদীশ হালৈ । ঘটনাৰ খবৰ পোৱাৰ পিচতেই ঘটনাস্থলীত উপস্থিত হয় নলবাৰী আৰক্ষী ৷

লগতে পঢ়ক : নুমলীগড়ৰ তেলগৰমত ছাত্ৰীক ধৰ্ষণ কৰি হত্যাৰ সন্দেহ আত্মীয়ৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.