নুমলীগড়ৰ তেলগৰমত ছাত্ৰীক ধৰ্ষণ কৰি হত্যাৰ সন্দেহ আত্মীয়ৰ - ছাত্ৰীক ধৰ্ষণ কৰি হত্যাৰ সন্দেহ

🎬 Watch Now: Feature Video

thumbnail
ছাত্ৰীক ধৰ্ষণ কৰি হত্যাৰ সন্দেহ আত্মীয়ৰ (undefined)

By ETV Bharat Assamese Team

Published : February 17, 2024 at 8:40 PM IST

1 Min Read
Choose ETV Bharat

গোলাঘাট, 17 ফেব্ৰুৱাৰী : নুমলীগড়ৰ তেলগৰমৰ পংকাগ্ৰান্টত অঘটন ৷ শনিবাৰে এগৰাকী অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীৰ মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ পৰিয়ালৰ কোনো লোক ঘৰত নথকাৰ সুযোগ লৈ কোনো দুৰ্বৃত্তই অপকৰ্ম কৰি কোঠাৰ ভিতৰতে আত্মহত্যাৰ ৰূপ দিয়ে ছাত্ৰীগৰাকীক ৷ এই অভিযোগ ছাত্ৰীগৰাকীৰ আত্মীয়ৰ ৷

পৰিয়ালৰ লোকে উল্লেখ কৰা অনুসৰি, শনিবাৰে দুপৰীয়াৰ ভাগত ছাত্ৰীগৰাকী ঘৰতে অকলশৰে আছিল ৷ তাৰে সুযোগ গ্ৰহণ কৰি দুৰ্বৃত্তই এই নাৰকীয়কাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে ৷ ইফালে ঘটনাৰ খবৰ লাভ কৰিয়েই নুমলীগড় আৰক্ষী আৰু কাৰ্যবাহী দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে ৷

তাৰ পাচত মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ছাত্ৰীগৰাকীৰ মৃতদেহ ৷ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷ ইফালে এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক কৰায়ত্ত শাস্তি বিহিবলৈ দাবী জনাইছে মৰঙি আঞ্চলিক ছাত্ৰ সন্থাই ৷

লগতে পঢ়ক : প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে কলিয়াবৰত প্ৰেমিকাক ছুৰীকাঘাত !

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details