নাৰায়ণপুৰত ৭ সুদখোৰক আটক

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 2:13 PM IST

thumbnail

বিহপুৰীয়া, ১৯ ফেব্ৰুৱাৰী : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিচৰে পৰাই সুদখোৰৰ বিৰুদ্ধে অসম আৰক্ষীয়ে তীব্ৰ অভিযান চলাই আছে ৷ ৰাজ্য়ৰ আন ঠাইৰ লগতে সুদখোৰৰ বিৰুদ্ধে অব্যাহত আছে নাৰায়ণপুৰ আৰক্ষীৰ অভিযান ৷ লখিমপুৰ জিলাৰ নাৰায়ণপুৰতো সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলোৱাত আতংকিত হৈ পৰিছে একাংশ লোক ।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নাৰায়ণপুৰত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে ৭ জনকৈ সুদখোৰক । নাৰায়ণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন ঠাইত নিশা অভিযান চলাই লোচন পাঠক,বোধেশ্বৰ মুদৈ ওৰফে টুটু, শ্যাম শইকীয়া ওৰফে প্ৰভাত আৰু ৰাজু ভূঞাক আটক কৰিছে আৰক্ষীয়ে ৷ সমান্তৰালকৈ ধলপুৰ আৰক্ষী চকীৰ অন্তৰ্গত বৰকাঠনি গাঁৱৰ দীপক কাকতি আৰু বনপুৰৈ লতাবাৰিৰ কোষেশ্বৰ হাজৰিকাৰ লগতে শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত ৰত্নেশ্বৰ শইকীয়া নামৰ সুদখোৰটোক আৰক্ষীয়ে আটক কৰিছে । ইতিমধ্যে এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক:অভয়াপুৰী আৰক্ষীৰ জালত সুদখোৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.