অভয়াপুৰী আৰক্ষীৰ জালত সুদখোৰ

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 2:31 PM IST

thumbnail

বঙাইগাঁও, ১৮ ফেব্ৰুৱাৰী: মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সুদখোৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ আৰক্ষীৰ । এইবাৰ অভয়াপুৰী আৰক্ষীৰ জালত সুদখোৰ । যোগীঘোপাৰ পৰা আটক সুদখোৰটোক । সুদখোৰটো অভয়াপুৰীৰ ৰৌমাৰীৰ ৱাছিৰ আহমেদ ওৰফে ধন বুলি জানিব পৰা গৈছে । যোগীঘোপা আৰক্ষীয়ে আটক কৰে সুদখোৰটোক। ধৃত সুদখোৰটোৰ মানসিক অত্যাচাৰ কৰিব নোৱাৰি তিনি বছৰ পূৰ্বে বোৱালীমাৰীৰ এজন যুৱ ব্যৱসায়ীয়ে আত্মহত্যা কৰিছিল বুলি জানিব পৰা হৈছে ।  

সম্প্ৰতি অভয়াপুৰী আৰক্ষীয়ে তদন্তৰ বাবে নিজৰ জিম্মাত লৈছে ৱাছিৰ আহমেদ ওৰফে ধনক । সুদখোৰটোৰ বিৰুদ্ধে শনিবাৰে এজাহাৰ দাখিল কৰিছিল বিজেপি নেতা দেৱজিৎ আৰ্যই । দেওবাৰে গুৱাহাটীলৈ পলায়ন কৰিব চেষ্টা কৰাতে যোগীঘোপা আৰক্ষীয়ে আটক কৰে সুদখোৰটোক । যোগীঘোপা থানাৰ পৰা অভয়াপুৰী আৰক্ষীয়ে নিজৰ জিম্মাত লয় । ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক: সুদখোৰৰ বিৰুদ্ধে কঠোৰ অভিযান বঙাইগাঁও আৰক্ষীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.