সুদখোৰৰ বিৰুদ্ধে কঠোৰ অভিযান বঙাইগাঁও আৰক্ষীৰ

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 5:21 PM IST

thumbnail

বঙাইগাঁও, 16 ফেব্ৰুৱাৰী : মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পিছৰ পৰাই সুদখোৰৰ বিৰুদ্ধে তীব্ৰ অভিযান অসম আৰক্ষীৰ ৷ পিছ পৰি থকা নাই বঙাইগাঁও আৰক্ষীও ৷ বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে মুঠ 4 টা সুদখোৰক আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে আটক কৰা সুদখোৰ কেইটা ক্ৰমে বঙাইগাঁৱৰ ভাওলাগুৰিৰ ৰফিকুল ইছলাম, পশ্চিম ভদ্ৰাগাঁৱৰ য়াচাদিকুল ইছলাম, দৰকিনামাৰিৰ ৰমজান আলী আৰু জাৰাগুৰিৰ ৰকিবুল ইছলাম ৷

নিৰিহ লোকক উচ্চ সুদৰ হাৰত টকা ধাৰলৈ দি হাৰাশাস্তি কৰি আহিছিল এই সুদখোৰ কেইটাই ৷ ইফালে বঙাইগাঁও আৰক্ষীয়ে যোগীঘোপা, অভয়াপুৰী, মাণিকপুৰ আদি অঞ্চলতো অভিযান চলাই মুঠ 14 টা সুদখোৰক আটক কৰিবলৈ সক্ষম হৈছে ৷ ইতিমধ্যে সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : উচ্চস্বৰত সংগীত বজাই মৰিয়নী থানাৰ আলহী হ’ল এদল যুৱক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.