উচ্চস্বৰত সংগীত বজাই মৰিয়নী থানাৰ আলহী হ’ল এদল যুৱক - jorhat Saraswati Puja celebration

🎬 Watch Now: Feature Video

thumbnail
মৰিয়নী থানাৰ আলহী হ’ল এদল যুৱক (undefined)

By ETV Bharat Assamese Team

Published : February 16, 2024 at 3:02 PM IST

1 Min Read
Choose ETV Bharat

যোৰহাট, 16 ফেব্ৰুৱাৰী: উচ্চস্তৰত সংগীত বজাই মৰিয়নী থানাৰ আলহী হ’ল এদল যুৱক । সৰস্বতী পূজাৰ মূৰ্তি বিসৰ্জন দিবলৈ আহি বৃহস্পতিবাৰৰ নিশা মৰিয়নী থানাৰ আলহী যুৱকৰ দলটো  ৷ জানিব পৰা মতে, যোৰহাটৰ একাংশ যুৱকে নিজকে অভিজাত ৰায়বাহাদুৰ পূজা কমিটিৰ সদস্য বুলি পৰিচয় দি মৰিয়নী নগৰত পূজাৰ নামত উচ্চস্বৰত হিন্দী গানৰ তালে তালে সংগীত বজাই পথত সুৰাসক্ত হৈ উদ্দাম নৃত্য কৰে ৷ 

পিচত মৰিয়নী আৰক্ষীয়ে আটক কৰি থানালৈ আনে যুৱকৰ দলটোক ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা চলি থকাৰ সময়ত পূজাৰ নামত এনেদৰে উচ্চস্বৰত সংগীত বজোৱা কাণ্ডক স্থানীয় সকলোৱে একেমুখে গৰিহণা দিয়া পৰিলক্ষিত হয় ৷ তাৎপৰ্যপূৰ্ণ যে, হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চ মাধ্যমিক পৰীক্ষাৰ সময়ত যোৰহাটত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান অনুষ্ঠিত কৰিবলৈ যোৰহাট জিলা প্ৰশাসনে অনুমতি দিয়াৰ অভিযোগ উথাপিত হৈছে । ফলত যোৰহাটৰ সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়া আৰু ক্ষোভৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: বাগদেৱীৰ বন্দনাৰে মুখৰিত মহানগৰীৰ শিক্ষানুষ্ঠান

ABOUT THE AUTHOR

...view details