ETV Bharat / state

বাগদেৱীৰ বন্দনাৰে মুখৰিত মহানগৰীৰ শিক্ষানুষ্ঠান

author img

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 6:38 PM IST

Saraswati Puja rituals
গুৱাহাটীত সৰস্বতী পূজা

Saraswati Puja 2024: আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা । ৰাজ্যৰ সকলো বিদ্যালয়-মহাবিদ্যালয়ত শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে সৰস্বতী পূজা উদযাপন কৰি দেৱী সৰস্বতীৰ আশিস লৈছে ।

গুৱাহাটীত সৰস্বতী পূজা

গুৱাহাটী, ১৪ ফেব্ৰুৱাৰী: আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা । প্ৰতি বছৰে মাঘৰ শুক্লা পঞ্চমী তিথিত হিন্দু ধৰ্মাৱলম্বী লোকসকলে পালন কৰে সৰস্বতী পূজা । সৰস্বতী পূজা উপলক্ষে আজি ৰাজ্যজুৰি পুৱাৰে পৰাই এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয় । পুৱাৰে পৰাই বাগদেৱীৰ বন্দনাৰে মুখৰিত হয় ৰাজ্যৰ শিক্ষা প্ৰতিষ্ঠান সমূহ । ৰাজ্যৰ আন ঠাইৰ লগতে গুৱাহাটী মহানগৰীৰ শিক্ষানুষ্ঠান, শিক্ষা প্ৰতিষ্ঠানত সমূহতো সৰস্বতী পূজা উপলক্ষে পুৱাৰে পৰা দেখা গৈছে উখল-মাখল পৰিৱেশ । বিশেষকৈ মহানগৰীৰ কটন বিশ্ববিদ্যালয় ,সন্দিকৈ মহাবিদ্যালয়, বি বৰুৱা মহাবিদ্যালয় , আৰ্য মহাবিদ্যালয়, গুৱাহাটী কমাৰ্চ কলেজ, গুৱাহাটী মহাবিদ্যালয় প্ৰাগজ্যোতিষ মহাবিদ্যালয়, দিছপুৰ মহাবিদ্যালয়, পাণ্ডু মহাবিদ্যালয়, বেলতলা মহাবিদ্যালয়, এছ বি দেওৰা মহাবিদ্যলয়কে ধৰি বিদ্যালয়-মহাবিদ্যালয়, হোষ্টেল সমূহ পুৱাৰে পৰা মুখৰিত হৈ পৰিল বাগদেৱীৰ মংগলধ্বনিৰে ।

পুৱাৰে পৰা শিক্ষানুষ্ঠানসমূহত ভিৰ কৰে ছাত্ৰ-ছাত্ৰীসকলে । বিশেষকৈ টি চি উচ্চতৰ মাধ্য়মিক বিদ্য়ালয়, কটন কলেজিয়েট, কামৰূপ একাডেমী বিদ্য়ালয়ত ছাত্ৰ-ছাত্ৰীয়ে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী আইৰ আশিস ল'বলৈ শিক্ষানুষ্ঠানসমূহলৈ অহা পৰিলক্ষিত হয় । ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়ত্ৰীৰ সমাগম হোৱা পৰিলক্ষিত হয় । বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ চৰণত সেৱা জনাই আশিস ল'লে শিক্ষাৰ্থীসকলে ।

সৰস্বতী পূজা উপলক্ষে সজাই-পৰাই তোলা হয় প্ৰতিখন বিদ্যালয়-মহাবিদ্যালয় তথা শিক্ষানুষ্ঠানৰ চৌহদ । ধুনীয়াকৈ সাজি-কাচি দেৱী সৰস্বতীৰ চৰণত সেৱা লৈ নিজৰ শিক্ষা জীৱনৰ সফলতাৰ বাবে সেৱা জনালে শিক্ষাৰ্থীসকলে । সৰস্বতী পূজা বুলি ক'লেই যুৱপ্ৰজন্মৰ মাজত থাকে দুগুণ উৎসাহ । বিশেষকৈ সৰস্বতী পূজা বুলি ক'লে যুৱতীসকলৰ মাজত দেখা যায় বিশেষ প্ৰস্তুতি । এইবাৰো ব্য়তিক্ৰম নাছিল মহানগৰী ।

লগতে পঢ়ক: মৰাণত চাৰিটি শিশুৱে সৰস্বতী পূজা উদযাপন কৰাক লৈ ব্যাপক চৰ্চা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.