ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ আগমন ঘটিল নতুন সদস্যৰ

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 7:25 PM IST

thumbnail

দলগাঁও, 22 ফেব্ৰুৱাৰী : জৈৱ বৈচিত্ৰ্যৰে ভৰপুৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ আহিল ভাল খবৰ ৷ বৃহস্পতিবাৰে উদ্যানখনৰ মুনমী নামৰ হাতীজনীয়ে জন্ম দিলে এটা পোৱালি ৷  

2010 চনৰ ডিচেম্বৰ মাহৰ 15 তাৰিখে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত থকা অলকা নামৰ হাতীজনীয়ে জন্ম দিছিল দুটাকৈ পোৱালি ৷ তাৰে এটা পোৱালীৰ নাম হ’ল চিত্ৰা আৰু আনটো আছিল মুনমী ৷ এই মুনমী নামৰ হাতীজনীয়ে 22 ফেব্ৰুৱাৰীত পুৱতি নিশা জন্ম দিলে এটা সুস্থ, সবল মতা পোৱালি ৷

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলিক বিষয়া দিব্যজ্যোতি দেউৰীয়ে কয় যে, মুনমী নামৰ হাতীজনীয়ে জন্ম দিয়া পোৱালিটোৰ স্বাস্থ্য ভাল আৰু বৰ্তমান সুস্থ অৱস্থাত আছে ৷ ইয়াকে লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ৷
 

লগতে পঢ়ক : মাজুলীত অব্যাহত আছে গঁড়ৰ আতংক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.