মাজুলীত অব্যাহত আছে গঁড়ৰ আতংক

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 2:20 PM IST

thumbnail

মাজুলী,২২ ফেব্ৰুৱাৰী: মাজুলীত অব্যাহত আছে গঁড়ৰ আতংক । উজনি মাজুলী আৰু নামনি মাজুলীত নিশা হলেই সৃষ্টি হয় এক আতংকময় পৰিবেশৰ । সীমিত বন কর্মী লৈ জিলাখনত তিনিটা স্থানত নিশা পহৰা ব্যৱস্থা কৰিছে বন বিভাগে । অন্যহাতে নিশা হলেই বিভিন্ন স্থানৰ পৰা গঁড়ৰ খবৰ লৈ বনকর্মীসকললৈ ফোন অহাত বিবুদ্ধিত পৰে বনকর্মীসকল । বনকৰ্মীক জনোৱা অনুসৰি ঘটনা স্থলীত বনকর্মী উপস্থিত হয় যদিও উক্ত স্থানত কোনো গঁড় থকা পৰিলক্ষিত নহয় ।  

সেয়ে বনকর্মীসকলে উৰা বাতৰি প্ৰচাৰ নকৰি সজাগ সচেতন হোৱাৰ আহ্বান জনাই মাজুলীবাসীক । ভুল তথ্য দি বনকৰ্মীসকলক মাতি নিলে অন্য স্থানত গঁড়ে জন সাধাৰণ ক্ষতি সাধন কৰিব । মঙলবাৰে ভকত চাপৰিৰ ১নং পদুমনিৰ এজন লোকৰ গঁড়ৰ আক্ৰমণত এজনৰ মৃত্যু হয় বুলি জানিবলৈ দিয়ে বনকৰ্মীসকলে ।:

লগতে পঢ়ক: কিবা এটা হোৱাৰ পিচতহে কিয় গা লৰে কৰ্তৃপক্ষৰ ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.