কিবা এটা হোৱাৰ পিচতহে কিয় গা লৰে কৰ্তৃপক্ষৰ ?

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 2:18 PM IST

thumbnail

মাজুলী, 20 ফেব্ৰুৱাৰী : মাজুলীবাসী ৰাইজ গঁড়ৰ ত্ৰাসত ভীতিগ্ৰস্ত হৈ থকাৰ মাজতে মঙলবাৰে মাজুলীৰ ভকত চাপৰিত গঁড়ৰ আক্ৰমণত নিহত হয় এজন ৷ বন-বিভাগৰ লোকক অৱগত কৰি থকাৰ পিচতো কোনো ধৰণৰ পদক্ষেপ হাতত নোলোৱাত আজিৰ এই ঘটনা সংঘটিত হয় বুলি স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰে ৷ ঘটনাৰ পিচত বন-বিভাগৰ লোক উপস্থিত হোৱাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে । ভকত চাপৰিৰ স্থানীয় ৰাইজে ঘেৰাও কৰে ঘটনাস্থলীত উপস্থিত হোৱা জিলা বন বিষয়া আৰু ৰেঞ্জাৰক । দৰাচলতে লোকজন নিহত হোৱাৰ পাচত ঘটনাস্থলীত পলমকৈ উপস্থিত হৈছিল বন বিভাগৰ লোক ।

বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হোৱাত স্থানীয় লোকসকলে ক্ষোভত বন বিভাগ মুর্দাবাদ, বন বিভাগ হায়-হায় ধ্বনি দিয়ে । ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে জিলা বন বিষয়াগৰাকীয়ে । আনহাতে, গঁড়ৰ আক্ৰমণত নিহত লোকজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে গড়মূৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক : মাজুলীত গঁড়ৰ আক্ৰমণত এজনৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.