কিবা এটা হোৱাৰ পিচতহে কিয় গা লৰে কৰ্তৃপক্ষৰ ? - One killed in Rhino Attack

🎬 Watch Now: Feature Video

thumbnail
স্থানীয় ৰাইজৰ ক্ষোভ (undefined)

By ETV Bharat Assamese Team

Published : February 20, 2024 at 2:18 PM IST

1 Min Read
Choose ETV Bharat

মাজুলী, 20 ফেব্ৰুৱাৰী : মাজুলীবাসী ৰাইজ গঁড়ৰ ত্ৰাসত ভীতিগ্ৰস্ত হৈ থকাৰ মাজতে মঙলবাৰে মাজুলীৰ ভকত চাপৰিত গঁড়ৰ আক্ৰমণত নিহত হয় এজন ৷ বন-বিভাগৰ লোকক অৱগত কৰি থকাৰ পিচতো কোনো ধৰণৰ পদক্ষেপ হাতত নোলোৱাত আজিৰ এই ঘটনা সংঘটিত হয় বুলি স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰে ৷ ঘটনাৰ পিচত বন-বিভাগৰ লোক উপস্থিত হোৱাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে । ভকত চাপৰিৰ স্থানীয় ৰাইজে ঘেৰাও কৰে ঘটনাস্থলীত উপস্থিত হোৱা জিলা বন বিষয়া আৰু ৰেঞ্জাৰক । দৰাচলতে লোকজন নিহত হোৱাৰ পাচত ঘটনাস্থলীত পলমকৈ উপস্থিত হৈছিল বন বিভাগৰ লোক ।

বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হোৱাত স্থানীয় লোকসকলে ক্ষোভত বন বিভাগ মুর্দাবাদ, বন বিভাগ হায়-হায় ধ্বনি দিয়ে । ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে জিলা বন বিষয়াগৰাকীয়ে । আনহাতে, গঁড়ৰ আক্ৰমণত নিহত লোকজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে গড়মূৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক : মাজুলীত গঁড়ৰ আক্ৰমণত এজনৰ মৃত্যু

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details