মাজুলীত গঁড়ৰ আক্ৰমণত এজনৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 10:43 AM IST

thumbnail

মাজুলী, ২০ ফেব্ৰুৱাৰী: বিগত কিছুদিন ধৰি মাজুলীৰ ভকত চাপৰিত গঁড়ৰ সন্ত্ৰাসত শংকিত হৈ পৰিছে স্থানীয় ৰাইজ । বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা গড় খেদি পঠিয়াবলৈ ৰাইজে বন বিভাগক দাবী জনাই আহিছে যদিও ৰাইজৰ কথাত কোনো গুৰুত্ব প্ৰদান কৰা নাই বিভাগটোৱে । ইয়াৰ মাজতেই আজি পুৱা ৬ বজাত ভকত চাপৰিৰ ১নং পদুমনিত সংঘটিত হ'ল এক কৰুণ ঘটনা । গঁড়ৰ আক্ৰমণত  নিহত হয় এজন লোক ।

গঁড়ৰ আক্ৰমণত মৃত্যু হোৱা লোকজন ভকত চাপৰিৰ ১নং পদুমনিৰ পদ্মধৰ (সুন্তি) ভেৰুৱা । পুৱা প্ৰায় ৬ বজাত গঁড়ে খুচি হত্যা কৰে লোকজনক । ৰাইজে বন বিভাগৰ লোকক এই বিষয়ে অৱগত কৰাৰ পিচতো বিভাগটোৰ কোনো কৰ্মী ঘটনাস্থলীত উপস্থিত নোহোৱাত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হয় । ইয়াৰ পিচত আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । স্থানীয় ৰাইজে দাবী গঁড়ৰ আক্ৰমণত নিহত লোকজনৰ  পৰিয়ালক ৫০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে ।

লগতে পঢ়ক:টীয়কৰ কলিয়াপানী আদৰ্শ গাঁৱত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.