মাজুলীত গঁড়ৰ আক্ৰমণত এজনৰ মৃত্যু - Protest against forest department

🎬 Watch Now: Feature Video

thumbnail
মাজুলীৰ ভকত চাপৰিত গঁড়ৰ সন্ত্ৰাস (undefined)

By ETV Bharat Assamese Team

Published : February 20, 2024 at 10:43 AM IST

1 Min Read
Choose ETV Bharat

মাজুলী, ২০ ফেব্ৰুৱাৰী: বিগত কিছুদিন ধৰি মাজুলীৰ ভকত চাপৰিত গঁড়ৰ সন্ত্ৰাসত শংকিত হৈ পৰিছে স্থানীয় ৰাইজ । বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা গড় খেদি পঠিয়াবলৈ ৰাইজে বন বিভাগক দাবী জনাই আহিছে যদিও ৰাইজৰ কথাত কোনো গুৰুত্ব প্ৰদান কৰা নাই বিভাগটোৱে । ইয়াৰ মাজতেই আজি পুৱা ৬ বজাত ভকত চাপৰিৰ ১নং পদুমনিত সংঘটিত হ'ল এক কৰুণ ঘটনা । গঁড়ৰ আক্ৰমণত  নিহত হয় এজন লোক ।

গঁড়ৰ আক্ৰমণত মৃত্যু হোৱা লোকজন ভকত চাপৰিৰ ১নং পদুমনিৰ পদ্মধৰ (সুন্তি) ভেৰুৱা । পুৱা প্ৰায় ৬ বজাত গঁড়ে খুচি হত্যা কৰে লোকজনক । ৰাইজে বন বিভাগৰ লোকক এই বিষয়ে অৱগত কৰাৰ পিচতো বিভাগটোৰ কোনো কৰ্মী ঘটনাস্থলীত উপস্থিত নোহোৱাত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হয় । ইয়াৰ পিচত আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । স্থানীয় ৰাইজে দাবী গঁড়ৰ আক্ৰমণত নিহত লোকজনৰ  পৰিয়ালক ৫০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে ।

লগতে পঢ়ক:টীয়কৰ কলিয়াপানী আদৰ্শ গাঁৱত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details