টীয়কৰ কলিয়াপানী আদৰ্শ গাঁৱত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 10:40 PM IST

thumbnail

টীয়ক, 19 ফেব্ৰুৱাৰী : সোমবাৰে বিয়লি টীয়কৰ কলিয়াপানী আদৰ্শ গাঁৱত পিঞ্জৰাবদ্ধ হয় এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ । জানিব পৰা মতে, উক্ত অঞ্চলত দীৰ্ঘদিন ধৰি পোৱালীসহ নাহৰফুটুকীৰ এটা জাকে ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ৷ গৰু-ছাগলী খোৱাৰ লগতে কেইবাজনো গঞাক আক্ৰমণো কৰিছিল বাঘে ৷ ফলত শংকিত হৈ আছিল গঞা ৰাইজ ৷

সেয়ে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই গাঁওবাসীৰ সহযোগত বনবিভাগ আৰু টীয়ক আৰক্ষীৰ সহযোগত উক্ত অঞ্চলত দেওবাৰে বিয়লি এটা পিঞ্জৰা স্থাপন কৰে ৷ দেওবাৰে স্থাপন কৰা সেই পিঞ্জৰাটোতে সোমবাৰে বিয়লি এটা প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ হয় ।

স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, উক্ত অঞ্চলটোত আৰু চাৰি-পাঁচটা বাঘে মুক্ত বিচৰণ কৰি আছে ৷ ইফালে বাঘ পিঞ্জৰাবদ্ধ হোৱাৰ বাতৰি লাভ কৰি বাঘটো চাবলৈ অঞ্চলটোৰ বহুসংখ্যক ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয় ৷

জানিব পৰা মতে, খবৰ পোৱাৰ মাত্ৰে টীয়ক আৰক্ষী উক্ত স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । বাতৰি যুগুত কৰা পৰলৈ লাভ কৰা তথ্য অনুসৰি, বন বিভাগৰ লোকো ঘটনাস্থলীলৈ ৰাওনা হৈছে ৷

লগতে পঢ়ক : চাবুৱাৰ পানীতোলা চাহ বাগিচাত নাহৰফুটুকী পিঞ্জৰাবদ্ধ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.