চাবুৱাৰ পানীতোলা চাহ বাগিচাত নাহৰফুটুকী পিঞ্জৰাবদ্ধ

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 8:10 PM IST

thumbnail

মৰাণ, ২৯ জানুৱাৰী : ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰত বাঘৰ সন্ত্ৰাসত বছৰৰ পাছত বছৰ সমস্যাত পৰিবলগা হৈছে ৰাইজ । বন বিভাগে জিলাখনৰ বিভিন্ন প্ৰান্তত বাঘ পিঞ্জৰাবদ্ধ কৰিছে যদিও উপদ্ৰৱ হ্ৰাস পোৱা নাই । ডিব্ৰুগড়ৰ বহু গ্ৰাম্য অঞ্চলত দিনতেই বাঘৰ ভয়ত ঘৰৰ পৰা মানুহ ওলাব নোৱৰা পৰিবেশ সৃষ্টি হৈছে । ইয়াৰ মাজতেই আজি চাবুৱাৰ পানীতোলা চাহ বাগিচাত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হয় ।  

পানীতোলা চাহ বাগিচাত বহু দিনৰ পৰা সন্ত্ৰাস চলাই আহিছিল এই নাহৰফুটুকীটোৱে । ইয়াৰ পাছতে ৰাইজৰ সহযোগত বাঘ ধৰাৰ বাবে চাহ বাগিচাখনত পিঞ্জৰা স্থাপন কৰা হয় । ফলত সোমবাৰে দিন দুপৰতে পিঞ্জৰাবদ্ধ হ'ল নাহৰফুটুকীটো । ইতিমধ্যে বন বিভাগে পিঞ্জৰাবদ্ধ নাহৰফুটুকীটো উদ্ধাৰ কৰিছে পানীতোলা চাহ বাগিচাৰ পৰা ।  

লগতে পঢ়ক:ডিব্ৰুগড়ত দুমাহে জ্বলি আছে ৰে'লৱে বিভাগে অগ্নিসংযোগ কৰা প্লাষ্টিক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.