ডিব্ৰুগড়ত দুমাহে জ্বলি আছে ৰে'লৱে বিভাগে অগ্নিসংযোগ কৰা প্লাষ্টিক
Protest against railway: ডিব্ৰুগড়ত এন এফ ৰে'লৱেৰ অবিবেচক কাণ্ডই ভাবুকি কঢ়িয়াই আনিছে জনস্বাস্থ্যলৈ । ৰে'লৱে আৱৰ্জনাৰ পৰা ওলোৱা দুৰ্গন্ধৰ বাবে বন্ধ হোৱাৰ দিশে ডিব্ৰুগড়ৰ বকৰা কৃষ্ণকান্ত সন্দিকৈ প্ৰাথমিক বিদ্যালয় । এন এফ ৰে'লৱে আৰু স্থানীয় প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ ।

Published : January 29, 2024 at 1:55 PM IST
মৰাণ, ২৯ জানুৱাৰী : কেন্দ্রীয় চৰকাৰে সমগ্ৰ দেশতে স্বচ্ছ ভাৰত আঁচনি ৰূপায়ণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । স্বচ্ছ ভাৰত আঁচনিৰ প্ৰতি ৰাইজক সজাগ কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাতত ঝাড়ু লৈ এই কাৰ্যসূচী ৰূপায়ণ কৰিছে । তেনে সময়ত উজনি অসমৰ ডিব্ৰুগড়ত ধোঁৱাচাঙত উঠিল স্বচ্ছ ভাৰত আঁচনি । স্বচ্ছ ভাৰত আঁচনি অৱমাননা কৰি জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনিছে এন এফ ৰে'লৱেৰ অবিবেচক কাণ্ডই ।
ঘটনা অনুসৰি জনবসতি প্ৰধান বকৰা অঞ্চলৰ পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈ প্ৰাথমিক বিদ্যালয়ৰ কাষতে থকা এটা পৰিত্যক্ত পুখুৰীত ৰে'লৱে বিভাগৰ আৱৰ্জনা পেলাই অগ্নি সংযোগ কৰাৰ ফলত অঞ্চলটোত জুই, ধোঁৱা, ছাই আৰু বিষাক্ত গেছে ছানি ধৰাত আতংকময় পৰিবেশৰ সৃষ্টি হৈছে । দুমাহ ধৰি জ্বলিয়েই আছে প্লাষ্টিকৰ সামগ্ৰী সমূহ। উমি উমি জ্বলি থকা প্লাষ্টিকৰ সামগ্ৰীৰ পৰা ওলাই থকা ধোঁৱাই আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে । এন এফ ৰে'লৱেৰ অবিবেচক কাণ্ডৰ বাবে কাষতে থকা বকৰা কৃষ্ণকান্ত সন্দিকৈ প্ৰাথমিক বিদ্যালয় বন্ধ হোৱাৰ দিশে ।
দুৰ্গন্ধময় পৰিৱেশৰ বাবে বিদ্যালয়লৈ আহিবলৈ বাদ দিছে ছাত্ৰ-ছাত্ৰী । শিক্ষক সকলেও উপায়ন্তৰ হৈ বন্ধ দিব লগা হৈছে বিদ্যালয় । অগ্নিনিৰ্বাপক বাহিনীয়ে বহুবাৰ চেষ্টা কৰিলে যদিও সফল নহ'ল এই জুই নিৰ্বাপণ কৰি অঞ্চলটোৰ ৰাইজক সকাহ দিয়াৰ বাবে । ফলত ভয়ংকৰ বিপদত পৰিব লগা হৈছে অঞ্চলটোৰ ৰাইজ । সেয়েহে এন এফ ৰে'লৱে আৰু স্থানীয় প্ৰশাসনৰ বিৰুদ্ধে ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে । এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে প্ৰশাসনক অঞ্চলটোৰ ৰাইজে ।
অগ্নিনিৰ্বাপক বাহিনীয়ে বহুবাৰ চেষ্টা কৰিলে যদিও সফল নহ'ল এই জুই নিৰ্বাপণ কৰি অঞ্চলটোৰ ৰাইজক সকাহ দিয়াৰ বাবে । ডিব্ৰুগড় চহৰৰ কাষতে সংঘটিত হোৱা এই পৰিৱেশ ধ্বংসকাৰী আৰু জনস্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনা ঘটনাৰ বিৰুদ্ধে ডিব্ৰুগড় প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।
লগতে পঢ়ক:কোঠাৰ ভিতৰতে যুৱকক ছুৰীকাঘাত; প্ৰেমিকালৈ সন্দেহৰ আঙুলি

