ETV Bharat / state

কোঠাৰ ভিতৰতে যুৱকক ছুৰীকাঘাত; প্ৰেমিকালৈ সন্দেহৰ আঙুলি

author img

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 10:29 PM IST

Suspected murder case
কোনে হত্যা কৰিলে বিক্ৰমক ?

Suspected murder case: কোকৰাঝাৰত লোমহৰ্ষক ঘটনা ৷ দিনদুপৰতে এগৰাকী যুৱকক ছুৰীয়ে হানি খুচি হত্যা কৰাৰ ঘটনাক লৈ ৰহস্যৰ সৃষ্টি হৈছে ৷ প্ৰেমজনিত কাৰণত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ পৰিয়ালৰ ৷

কোঠাৰ ভিতৰতে যুৱকক ছুৰীকাঘাত

কোকৰাঝাৰ, ২৮ জানুৱাৰী : কোকৰাঝাৰ চহৰৰ মাজমজিয়াৰ ৱাৰ্ড নং ৯ ৰ এটা ভাড়াঘৰৰ সন্মুখত দেওবাৰে বাৰে দিনদুপৰতে এগৰাকী যুৱক ছুৰীকাঘাতত গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰা হয় ৷ কিন্তু পৰৱৰ্তী পৰ্যায়ত যুৱকজনে মৃত্যুক সাৱটি লয় ৷ এই ঘটনাই চহৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে । ছুৰীকাঘাতত নিহত হোৱা যুৱকজনক শক্তি আশ্ৰম চোকাপাৰাৰ টিছেন চন্দ্ৰ ৰায়ৰ নুমলীয়া সন্তান বিক্ৰম ৰায় ওৰফে জগো বুলি চিনাক্ত কৰা হৈছে । নিহত যুৱকজন কোকৰাঝাৰৰ এটা ফাৰ্মাচীত লেবৰোটৰী সহায়ক হিচাপে কাম কৰিছিল ৷

এই ঘটনাৰ সন্দৰ্ভত মৃত যুৱকজনৰ পিতৃ টিছেন চন্দ্ৰ ৰায়ে কোকৰাঝাৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে ৷ পিতৃৰ অভিযোগ অনুসৰি, ধুবুৰী জিলাৰ সাপটগ্ৰাম থানাৰ অন্তৰ্গত শাশাৰ গাঁৱৰ এগৰাকী যুৱতীৰ সতে বিক্ৰম ৰায়ৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল । প্ৰেমিকাৰ কথা অনুসৰি দুয়ো আইনী বিবাহ সম্পাদন কৰিব বুলি শনিবাৰে বিক্ৰম ভাড়াঘৰলৈ গৈছিল ৷ তাৰ পিচতে আজি দিনৰ প্ৰায় 11.30 বজাত এই ভয়ানক ঘটনাটো সংঘটিত হয় ।

এজাহাৰত যুৱকজনৰ পিতৃয়ে উল্লেখ কৰা মতে ছোৱালীজনীয়ে পূৰ্ব পৰিকল্পিতভাৱে তেওঁলোকৰ আত্মীয় আৰু কেইটামান দুষ্কৃতিকাৰীক লৈ ভাড়াঘৰতে যুৱকজনক পেটত তিনিবাৰকৈ ছুৰীকাঘাত কৰি তেওঁৰ পুত্ৰক হত্যা কৰে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ আহে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । এই ঘটনাৰ তদন্ত কৰি ন্যায় প্ৰদান কৰিবলৈ এজাহাৰত উল্লেখ কৰিছে দুৰ্ভগীয়া পিতৃয়ে ।

আনহাতে আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰা মতে, যুৱকজনে নিজেই ছুৰীকাঘাত কৰি মৃত্যুক সাৱটি লৈছে । ইতিমধ্যে, অধিক তথ্যৰ সন্ধানত আৰক্ষীয়ে মৃত যুৱকজনৰ প্ৰেয়সীক সোধা পোছাৰ বাবে আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে ।

এই সমগ্ৰ ঘটনাত ৰহস্যৰ গোন্ধ পাইছে পৰিয়ালৰ লোকে ৷ যিগৰাকী যুৱতীৰ আইনী প্ৰক্ৰিয়াৰে বিবাহ সম্পাদন কৰাৰ কথা আছিল তেনে অৱস্থাত বিবাহৰ পূৰ্বে যুৱকজনে কিয় নিজৰ পেটত ছুৰীকাঘাত কৰি কিয় মৃত্যুবৰণ কৰিব তাকে লৈ বহুতো প্ৰশ্নৰ উদয় হৈছে । এতিয়া সমগ্ৰ ঘটনাটো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিচতহে প্ৰকৃত তথ্য ওলাই পৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ।

লগতে পঢ়ক: চিৰাঙৰ কাজলগাঁৱত ৰাইজৰ ৰোষত পৰিল ঠিকাদাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.