ETV Bharat / state

চিৰাঙৰ কাজলগাঁৱত ৰাইজৰ ৰোষত পৰিল ঠিকাদাৰ

author img

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 7:12 PM IST

Allegations of corruption: চিৰাঙৰ কাজলগাঁৱত বজাৰ গৃহ নিৰ্মাণৰ নামত ঠিকাদাৰে লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বিৰুদ্ধে আইনগত ভাৱে ব্যৱস্থা লোৱাৰ হ’ব ৰাইজক আশ্বাস সাংসদ ৰণগৌৰা নাৰ্জাৰীৰ ৷

Allegations of corruption in Chirang
চিৰাঙৰ কাজলগাঁৱত ৰাইজৰ ৰোষত পৰিল ঠিকাদাৰ
চিৰাঙৰ কাজলগাঁৱত ৰাইজৰ ৰোষত পৰিল ঠিকাদাৰ

চিৰাং, 28 জানুৱাৰী: যি সময়ত দুৰ্নীতি মুক্ত গঢ়িবলৈ বি টি আৰ চৰকাৰে কঠোৰ হৈছে বুলি প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰে ঢাক-ঢোল বজাই আছে তেনে সময়তে বি টি আৰৰ কাজলগাঁৱত পোহৰলৈ আহিছে ভয়ংকৰ দুৰ্নীতিৰ তথ্য ৷ উল্লেখ্য যে, চিৰাঙৰ কাজলগাঁৱত ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধীনত প্ৰায় কোটি টকীয়া আচঁনি ৰূপায়নৰ নামত ঠিকাদাৰে লুণ্ঠন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ আঁচনিখনৰ অধিনত নিম্ন মানদণ্ডৰ সামগ্ৰীৰে বজাৰ গৃহ নিৰ্মাণ কৰি ঠিকাদাৰে লাখ লাখ টকা লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

এই ক্ষেত্ৰত ৰাইজে অভিযোগ কৰে যে, অসম ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধীনত 2020-21 বিত্তিয় বৰ্ষত কাজলগাঁও সাপ্তাহিক বজাৰত বজাৰ গৃহ নিৰ্মাণৰ নামত আৱন্টিত হৈছিল প্ৰায় 1 কোটি টকা 91 লাখ ৷ কিন্তু বঙাইগাঁৱৰ মণিষ জৈন নামৰ ঠিকাদাৰজনে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাত বজাৰ গৃহটো যিকোনো মুহূৰ্তত ভাঙি সৰি পৰাৰ আশংকা ব্যক্ত কৰে ৰাইজে ৷ যাৰ বাবে দেওবাৰে ৰাইজে ঠিকাদাৰজনক জবাবদিহি কৰে ৷

ৰাইজৰ হেঁচাত ঠিকাদাৰ মণিষ জৈনে নিজৰ ভুল স্বীকাৰ কৰাৰ লগতে পুনৰ বজাৰ গৃহটো মেৰামতি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল অসম চৰকাৰ আৰু বিটিআৰ প্ৰশানৰ চকুৰ আগতে সংঘটিত হ’ল এই দুৰ্নীতি ৷ আনহাতে, দুৰ্নীতিৰ সন্দৰ্ভত সাংসদ ৰণগৌৰা নাৰ্জাৰীক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘‘অসম চৰকাৰ আৰু বিটিআৰ প্ৰশাসনে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল স্থিতিত বাহাল আছে ৷ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বিৰুদ্ধে আইনগতভাৱে ব্যৱস্থা লোৱাৰ হ’ব ৷’’

লগতে পঢ়ক : পিতৃ-মাতৃহীন তিনি সন্তানৰ কৰুণ কাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.