ETV Bharat / state

পিতৃ-মাতৃহীন তিনি সন্তানৰ কৰুণ কাহিনী

author img

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 3:45 PM IST

Pathetic story in Nalbari : পিতৃ মাতৃহীন নলবাৰীৰ তিনি কনমানিৰ দুখজনক কাহিনী । কণমানি দুই ভাতৃ-ভগ্নীৰ সৈতে অসহায় হৈ পৰিছে নলবাৰীৰ পাহি । পখিলা খেদা বয়সতে তিনিও হৈ পৰিছে ঘাট মাউৰা ।

Pathetic story in Nalbari
এটা পৰিয়ালৰ তিনি কনমানি সন্তানৰ কাহিনী
এটা পৰিয়ালৰ তিনি কনমানি সন্তানৰ কাহিনী

নলবাৰী, ২৮ জানুৱাৰী: জীৱন গঢ়াৰ বাটতেই থমকি ৰ'ব লগা হ'ল নলবাৰীৰ এটা পৰিয়ালৰ তিনি কণমানি সন্তান । নলবাৰী জিলাৰ বৰভাগৰ কোটালকুছি গাঁৱৰ পাহি মেধি নামৰ এগৰাকী কিশোৰীৰ যেন এতিয়া দুখৰ সীমা নোহোৱা হৈছে । কণমানি দুই ভাতৃ-ভগ্নীৰ সৈতে অসহায় হৈ পৰিছে কোটালকুছি গাঁৱৰ পাঁহি মেধি নামৰ কিশোৰীগৰাকী ।

কেইবছৰমান পূৰ্বে গুৱাহাটীলৈ বুলি ঘৰৰ পৰা ওলাই যোৱা কণমানি কেইটাৰ মাতৃ আৰু উভতি নাহিল গৃহলৈ । মাতৃৰ কোনো খবৰ নাপালে কণমানি কেইগৰাকীৰ পিতৃয়ে । দিন হাজিৰা কৰা পিতৃয়ে কোনোমতে সন্তান কেইটাক দি আছিল ভৰণ পোষণ । আনৰ গৃহত কাম কৰি পিতৃ নৰেশ্বৰ মেধিয়ে চাৰিটা সন্তানক কোনোমতে দি আহিছিক পোহপাল । তাৰ মাজতেই সন্তান কেইটাৰ জীৱনলৈ নামি আহিল অমানিশা ।

পাহিৰ তিনি ভাতৃ-ভগ্নীৰ এজন ভাতৃৰ কিছুদিন পূৰ্বে জ্বৰত আক্ৰান্ত হৈ মৃত্য়ু হয় । ভাতৃ ঢুকোৱাৰ শোক মাৰ নৌযাওঁতেই পাঁহিৰ মূৰত এইবাৰ সৰগখনি ভাগি পৰাৰ লেখিয়া হ'ল । এক মৰ্মান্তিক, হৃদয়স্পৰ্শী ঘটনা । ভাতৃৰ মৃত্যুৰ এমাহ পিছতে পাহিৰ পিতৃও শেষ নিশ্বাস ত্য়াগ কৰে । জ্বৰত আক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত পিতৃ নৰেশ্বৰ মেধিয়েও আঁ‌কোৱালি ল'লে অকাল মৃত্যুক । এতিয়া নিঠৰুৱা হৈ পৰিছে পাঁহিৰ লগতে কণমাণি ভাতৃ দীপাংকৰ আৰু ভগ্নী ধৰিত্ৰী ।

পখিলা খেদা বয়সতে তিনিও হৈ পৰিছে ঘাট মাউৰা । দীপাংকৰ চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত । পিতৃ- মাতৃ নোহোৱা হোৱা কথাবোৰ দীপাংকৰে বুজাই হোৱা নাই । দীপাংকৰে নাজানে কেনেদৰে কি হ'ল পিতৃৰ । পিতৃ মৃত্য়ুৰ আজি সাত দিন হ'ল । ওচৰ-চুবুৰীয়াৰ বদান্যতাত তেওঁলোকে গ্ৰহণ কৰিছে খাদ্য । কোনোৱেই যদি পিতৃৰ সকামলৈ চলিব পৰাকৈ গেছৰ চিলিণ্ডাৰটো যোগান ধৰি সহায় কৰিছে, আন কোনোৱে আকৌ দিছে গেছৰ ষ্টোভ । কোনোৱে নিজৰ ঘৰৰ পৰাই সংযোগ কৰাই দিছে বিদ্যুৎ। কিয়নো পৰিয়ালটোৱে আজিও পাবলৈ সক্ষম নহ'ল বিনামূলীয়া বিদ্যুত যোগানৰ ব্যৱস্থা ।

কেইবা বছৰ পূৰ্বে পৰিয়ালটোৱে চৰকাৰী গৃহ পাবলৈ সক্ষম হৈছিল যদিও ঘৰটোৰ অবস্থাও তথৈবচ । পিতৃ-মাতৃৰ অৱৰ্তমানত অসহায় পৰিছে তিনিও গৰাকী সন্তান । তেওলোকক প্ৰয়োজন সহায়ৰ । ভাতৃ-ভগ্নীক চলাবলৈ অথবা নিজে চলিবলৈ পাহিক প্ৰয়োজন এটি সংস্থাপনৰ । কোনোবাই সহায়ৰ হাত আগবঢ়াব বিচাৰিলে পৰিয়ালটোৰ 8822664286 নম্বৰটোত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে ।

লগতে পঢ়ক:দহ লক্ষাধিক বড়ো জনগোষ্ঠীৰ সমস্য়া সমাধানৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.