ETV Bharat / state

দহ লক্ষাধিক বড়ো জনগোষ্ঠীৰ সমস্য়া সমাধানৰ দাবী

Third Bodo Peace Accord Day : জোনাইৰ চিমেন চাপৰিস্থিত বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যালয়ত চতুর্থ সংখ্যক তৃতীয় বড়ো শান্তিচুক্তি দিৱস পালন । এই অনুষ্ঠানত বিটিআৰৰ বাহিৰত থকা দহ লক্ষাধিক বড়ো জনগোষ্ঠীৰ বিভিন্ন সমস্যা আৰু বড়ো চুক্তিৰ দফা কাৰ্যকৰী কৰিবলৈ দাবী সংযুক্ত বড়ো গণমঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰীৰ ।

Third Bodo Peace Accord Day
তৃতীয় বড়ো শান্তিচুক্তি দিৱস
author img

By ETV Bharat Assamese Team

Published : January 27, 2024 at 9:55 PM IST

2 Min Read
Choose ETV Bharat
তৃতীয় বড়ো শান্তিচুক্তি দিৱস

জোনাই, ২৭ জানুৱাৰী: দীঘলীয়া আন্দোলনৰ ফলশ্রুতিত কেন্দ্রীয়, ৰাজ্য চৰকাৰৰ সৈতে এন ডি এফ বিৰ চাৰিটা গোট আৰু এবছু, ইউ বি পি অ' ৰ মাজত ২০২০ চনৰ ২৭ জানুৱাৰী অৰ্থাৎ আজিৰ দিনটোতে তৃতীয় বড়ো শান্তিচুক্তি নতুন দিল্লীত স্বাক্ষৰিত হৈছিল । তৃতীয় বড়ো শান্তিচুক্তিৰ চাৰিটা বছৰত পদাৰ্পণ কৰা উপলক্ষে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ আৰু স্বাক্ষৰকাৰী সংগঠন সংযুক্ত বড়ো গণ মঞ্চ চমুকৈ ইউ বি পি অ'ৰ উদ্যোগত আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে চতুর্থ বার্ষিক তৃতীয় বড়ো শান্তিচুক্তি দিৱস বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যালয়ত উদযাপন কৰা হয় ।

সংযুক্ত বড়ো গণমঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে পতাকা উত্তোলন কৰা অনুষ্ঠানত বড়ো জনগোষ্ঠীৰ জাতীয় শ্বহীদ সকলক স্মৰণ কৰি স্মৃতি তৰ্পণ কৰে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰীয়ে । ইয়াৰ পিছতে বড়ো জনগোষ্ঠীৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰি জনগোষ্ঠীটোৰ সৰ্বতোপ্ৰকাৰ উত্তৰণৰ বিষয়ে সমল ব্যক্তিসকল বক্তব্য প্ৰদান কৰে ।

বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদক সম্পূর্ণৰূপে গঠন কৰি গাঁও চিনাক্তকৰণ আৰু সমষ্টি নিৰ্ধাৰণ কৰাৰ লগতে বড়ো চুক্তিৰ দফা সমূহ অনতি পলমে কাৰ্যকৰী কৰিবলৈ দাবী জনায় সংযুক্ত বড়ো গণমঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে । উক্ত অনুষ্ঠানটোত বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰীৰ উপৰি সংযুক্ত বড়ো গণমঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰীৰ লগতে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যৰ লগতে শতাধিক বড়ো ৰাইজ উপস্থিত থাকে । তেওঁলোকে শীঘ্ৰেই এই দাবীৰ সমাধান হোৱাৰ আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক:Bodo Kachari Kalyan Autonomous Council: বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ হেতুকে কাৰ্যনিৰ্বাহক সভা